গো পূজা কৰিব নে বিহু পাতিব
বিহুৰ পূৰ্বে গৰু চামৰা বিচাৰি মুছলমানৰ গাঁৱত হিন্দুৰ ভিৰ
গৰুক পূজা কৰা অসমীয়াৰ আচলতে নাই বিহু পতাৰ অধিকাৰ৷ কাৰণ ব’হাগত বজোৱা ঢোলটোত লগোৱা হয় দুদিন পূৰ্বে জবাই কৰা গৰুৰ ছাল৷
প্ৰতিবাৰৰ দৰে এইবাৰো বিহুৰ পূৰ্বে মুছলমানৰ কছাইখানালৈ গৈছে হিন্দু কাৰিকৰ৷ চৰকাৰ গো-মাংস খোৱাত আৰোপ কৰা বাধাৰ বাবে তেওঁলোকে গোটাব পৰা নাই গৰু ছাল৷
গোলাঘাটৰ এজন কাৰিকৰে জনোৱা মতে পুৰণি গৰু চামৰাৰ ঢোলত চেও নুঠে৷ সেয়ে দুদিন পুৰণি ছালহে বিচাৰে কাৰিকৰে৷ তেওঁলোকে মুছলমানৰ কছাইখানাৰ পৰা ক্ৰয় কৰা গৰুছালত মাংস লাগি থাকিব লাগিব৷
তদুপৰি গৰুৰ চামৰাৰ সৈতে কিনে চৰ্বী৷ ঢোল তৈয়াৰ কৰাৰ আগতে গৰুৰ ছালত চৰ্বী ঘঁহি লোৱা হয়৷ চৰ্বী নঘঁহিলে ঢোলৰ মাত নোলায়৷
ঢোলৰ কাৰিকৰে তালি অৰ্থাৎ হাতেৰে বজোৱা ফালে চেউৰী গৰুৰ চামৰা ব্যৱহাৰ কৰে৷ মাৰিৰে বজোৱা ফালে থাকে দমৰাৰ ছাল৷ বৰতি বলধৰ চামৰাৰ পৰা তৈয়াৰ কৰে৷
এইবাৰ পিছে গৰু ছাল কিনাত সমস্যাৰ সন্মুখীন হৈছে অসমৰ ঢোল নিৰ্মাতা৷ সেয়ে পূৰ্বৰ তুলনাত ঢোলৰ দাম বাঢ়িছে৷ গৰু ছালৰ নাটনি হোৱা বাবে কাৰিকৰে বঢ়াই দিছে ঢোলৰ দাম৷ চৰকাৰে গো হত্যাত বহু নিয়ম কৰি দিয়াৰ বাবে চামৰা কিনিবলৈ নোপোৱা হৈছে কাৰিকৰে৷
তেওঁলোকে পুৰণি চামৰাৰ ঢোলত চেও নুঠাৰ বাবে বিচাৰিছে সজীৱ ছাল৷ গৰু মাংস লাগি থকা ছালেৰে অসমৰ হিন্দু কাৰিকৰে ঢোল তৈয়াৰ কৰিছে৷
ব’হাগত সেই ঢোল বাবলৈ ওলাইছে অসমৰ বিহুৱা৷
গৰুৰ নতুন চামৰা বিচাৰি এইবাৰ হায়ৰাণ ঢোলৰ কাৰিকৰ
