আকৌ আন্দোলন কৰিব নেকি দুৰ্ধৰ্ষ ছাত্ৰনেতা ৰণোজে!

ভাগৰুৱা মুখ্যমন্ত্ৰীক অভাৰটেক কৰিলে ৰণোজ পেগুৱে
মুখ্যমন্ত্ৰী বিদেশত থকাৰ সুবিধা লৈ ক্ষমতা প্ৰদৰ্শন কৰিলে মন্ত্ৰী পেগুৱে
হয়, আকৌ আগৰ ফৰ্মলৈ উভতি গৈছে ৰণোজ পেগু৷ বিজেপিৰ সত্ৰত শৰণ লোৱাৰ পূৰ্বে ৰণোজ পেগু যিধৰণৰ দুৰ্দান্ত ছাত্ৰনেতা আছিল, সেয়া এতিয়া কল্পনাই কৰিব নোৱাৰি৷ তেওঁ আগতে প্ৰায়ে পথত কৰিছিল আন্দোলন৷ বৰ্তমান মুখ্যমন্ত্ৰী গৈছে নেডাৰলেণ্ডলৈ৷ সেয়ে ৰণোজ পেগু হৈ পৰিছে পূৰ্বৰ দুৰ্ধৰ্ষ বাঁওপন্থী বিপ্লৱীৰ দৰে উজ্জ্বীৱিত৷
এতিয়া চাব
ৰণোজ পেগুৱে আজি পুৱা প্ৰায় ৭ বজাত মেট্ৰিকৰ ৰিজাল্টৰ বিষয়ে বৰ্ণনা কৰি ছ’চিয়েল মিডিয়াত দিছিল এটা পোষ্ট৷ তেতিয়া পুৱা ৩ বাজিছিল নেডাৰলেণ্ডত৷ জেট লেগে আক্ৰান্ত কৰা ডঃ হিমন্ত বিশ্ব শৰ্মা আমষ্টাৰডামত কাহিলী পুৱা শুইহে আছিল৷ তেতিয়াই ছেগ বুজি তাহানিৰ বিপ্লৱী নেতাজনৰ দৰে মুখ্যমন্ত্ৰীক অভাৰটেক কৰি দিলে ৰণোজ পেগুৱে৷
যোৱাবাৰ তেওঁ কোৱামতে একোৱেই হোৱা নাছিল৷ প্ৰতিবাৰে ৰণোজপেগুৱে কৰা দাবীৰ ওলোটাটোহে হৈছিল৷ এইবাৰো প্ৰথমে তেনে হৈছিলেই৷ কিন্তু ৰণোজ পেগুৱে খামুচি ধৰিলে খোপনি৷ মুখ্যমন্ত্ৰী বৰফৰ দেশলৈ যোৱাৰ সুবিধা লৈ ঘোষণা কৰি দিলে ফলাফল৷
অৱশ্যে বিগত সময়ত তেনেদৰেই পৰাক্ৰম প্ৰদৰ্শন কৰিছিল ৰণোজ পেগুৱে৷ তেওঁ উত্তৰ অসমৰ ৰাজনীতিত আন্দোলন কৰি ঢোকা ঢোকে পানী খুৱাই দিছিল পৰাক্ৰমী নেতা৷
হঠাতে নাজানো কি হৈছিল- শেঁতা পৰি গৈছিল ৰণোজ পেগু৷ কিন্তু আজি আকৌ ফৰ্ম ওভতাই পালে মন্ত্ৰীজনে৷ তাহানিৰ আন্দোলনকাৰীৰ দৰে হৈ পৰিল দুৰ্দান্ত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial