ৰোগীক হত্যা কৰি আনন্দ পাইছিল চিকিৎসকে

৩০ বছৰে ২৮৪ জন ৰোগীক হত্যা কৰিছিল হেৰল্ড শ্বিপমেনে৷ ভুল চিকিৎসা কৰি ৰোগীক হত্যা কৰাটোৱেই আছিল পাষণ্ড ডাক্টৰৰ আনন্দ৷
ইতিহাসৰ সবাতোকৈ জঘন্য ছিৰিয়েল কিলাৰ হিচাপে শ্বিপমেনে কুখ্যাত৷ কিন্তু ভাৰততো ঘটিছে অনুৰূপ ঘটনা৷
কাহিনীটো শুনক
লণ্ডন ফেৰৎ ডাক্টৰ বুলি চিনাকি দি হৃদৰোগীৰ অপাৰেশ্যন কৰিলে চিকিৎসা শাস্ত্ৰৰ জ্ঞানশূন্য ধুৰন্ধৰে৷
চিকিৎসকৰ ভুৱা পৰিচয়েৰে ৭ জনৰ প্ৰাণ হানি কৰিলে নৰেন্দ্ৰ যাদৱ নামৰ পাষণ্ডই৷ হৃদৰোগৰ বিশেষজ্ঞ প্ৰফেছৰ এন জন কেম বুলি ফিতাহি মাৰি লোকজনে মধ্যপ্ৰদেশত নাৰকীয় কাণ্ড কৰি আছিল৷
পিছে ৭ নিৰীহৰ প্ৰাণ কাৰ পিছতহে লোকজন ধৰা পৰিল৷ ডামোহ অঞ্চলৰ মিশ্যন হস্পিতেলত ডাক্তৰী কৰি আছিল প্ৰফেছৰ এন জন কেম নামৰ চিকিৎসকজনে৷
তেওঁ আছিল চিকিৎসালয়খনৰ হৃদৰোগ বিভাগৰ বিশেষজ্ঞ৷ লণ্ডনতো চিকিৎসা শাস্ত্ৰৰ ডিগ্ৰী লোৱা বুলি দাবী কৰিছিল লোকজনে৷ পিছে ফেব্ৰুৱাৰীত এজন ৰোগীয়ে তেওঁৰ চিকিৎসক হিচাপে দক্ষতা নাই বুলি জিলা শিশু কল্যাণ কমিটীক অভিযোগ দিছিল৷
সেই ভিত্তিত তদন্ত আৰম্ভ কৰাৰ লগে লগে ডাক্তৰে চহৰখনৰ পৰা পলায়ন কৰিলে৷ কিন্তু বিস্তাৰিত অনুসন্ধানতে ওলাই পৰিল উৰহী গছৰ ওৰ৷ প্ৰফেছৰ এন জন কেমৰ যে প্ৰকৃত নাম নৰেন্দ্ৰ যাদৱ সেয়া প্ৰমাণিত হ’ল৷
কিন্তু ধৰা পৰালৈ অস্ত্ৰোপচাৰ কৰি ৭ ৰোগীক প্ৰাণ মাৰিছিল ভুৱা চিকিৎসকজনে৷ আসুৰিক তৃপ্তিৰ ভুৱা চিকিৎসকে কিয় এই পৰিচয় দিছিল তাৰ কোনো কাৰণ বিচাৰি পোৱা নাই তদন্ত আয়োগে৷ কেৱল হত্যাৰ মানসিকতাৰে তেওঁ ৰোগীৰ অপাৰেশ্যন কৰিছিল বুলি থাৱৰ কৰা হৈছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial