বিহু নাচ আৰু ঢোলটো অসমীয়াৰ, বেপাৰবোৰ হিন্দীভাষীৰ

বিহুৰ আগে আগে উলিয়াই দিছে, হাজাৰ হাজাৰ টকাৰ ৰজস্থানী মাটিৰ টাৱা কিনিছে অসমীয়া গ্ৰাহকে৷ খোলাপিঠা বনাবলৈ উপযোগী ৰাজস্থানী টাৱা সমগ্ৰ অসমজুৰি বিক্ৰী হৈছে৷ ফলত ৰাজস্থানলৈ ওলাই গৈছে অসমৰ পইচা৷
আগতে প্ৰচলন নথকা মাটিৰ টাৱা বৰ্তমান বজাৰত উভৈনদী হৈ পৰিছে৷ ৰাজস্থানী মুনিহ-তিৰোতা বেপাৰীয়ে এখন গাড়ীত সামগ্ৰী তুলি চহৰৰ মাজৰ চাৰিআলিতে বিক্ৰী কৰিছে মাটিৰ টাৱাবোৰ৷
কথোপকথনত তেওঁলোকে জনোৱা মতে টাৱাবোৰ ৰাজস্থানৰ কুমাৰেই তৈয়াৰ কৰিছে৷ সেইবোৰ ৰে’লেৰে অসমলৈ অনা হৈছে৷ তাতে এলুমিনিয়ামৰ ফ্ৰেম লগাই ধুনীয়াকৈ ঠাইতে টাৱা সাজি গ্ৰাহকক বিক্ৰী কৰিছে৷
টাৱাখনত খোলাপিঠা বনাবলৈ ভাল হোৱাৰ কথা ভাবি কিনোতাৰ সংখ্যা বাঢ়িছে৷ ডিব্ৰুগড়ৰ নিৰ্মীয়মান অভাৰব্ৰীজৰ কাষতে গাড়ীৰ পৰাই ৰাজস্থানী বেপাৰীয়ে বিক্ৰী কৰিছে মাটিৰ টাৱা৷ এটা সন্ধ্যাতে তেওঁলোকে ৭৫ হাজাৰ টকাৰ সামগ্ৰী বিক্ৰী কৰিছে৷ কেৱল ডিব্ৰুগড়ৰ তিনি ঠাইত এইদৰে বিক্ৰী কৰা হৈছে মাটিৰ সামগ্ৰী৷
গুৱাহাটীৰ বেলতলাত ষ্টল ভাৰা কৰি লৈছে ৰাজস্থানী বেপাৰীয়ে৷ ডিব্ৰুগড়ত এখন টাৱাৰ দাম হৈছে ৫০ টকা৷ গুৱাহাটীত কিন্তু ১০০ টকাতো টাৱা বিক্ৰী হৈছে৷
একেদৰে যোৰহাট, শোণিতপুৰ, নগাঁও আদি টাউনৰ মাজতে গাড়ীৰ পৰা মাটিৰ সামগ্ৰী ৰাজস্থানী বেপাৰীয়ে বেচিছে৷ তেওঁলোকে দোকানৰ নামতো ধন খৰচ কৰা নাই৷ গাড়ীতে দোকান খুলি থিতাতে ফ্ৰেম লগাইছে আৰু বেচিছে৷
ৰাজস্থানৰ পৰা একেলগে সামগ্ৰী অনা বেপাৰীসকল অসমৰ কেবাঠাইতো বিভক্ত হৈ পৰিছে৷ তেওঁলোকে নিজা নিজা এলেকা নিৰ্ধাৰণ কৰি চলাই আছে বেপাৰ৷ গুৱাহাটীৰ বেপাৰীয়ে আমাক জনোৱা মতে এদিনত তেওঁ কমেও ৯০ হাজাৰ টকাৰ তাৱা বিক্ৰী কৰিছে৷ অৱশ্যে টাৱাৰ লগতে তেওঁলোকৰ চলন্ত দোকানত মাটিৰ বিভিন্ন প্ৰকাৰৰ বাচন৷ হটকেছৰ পৰা মাটিৰ চৰিয়ালৈ ভিন্ন তৰহৰ সামগ্ৰী সাজিছে ৰাজস্থানীয়ে৷
সকলো মিলাই মাটিৰ বাচনৰ নামত অসমৰ পৰা কমেও ১ কোটি টকা ৰাজস্থানলৈ গৈছে৷ বিহুৰ প্ৰাকক্ষণত উলিয়াই দিয়া বাচনবোৰ অসমীয়াই কিনিছে৷ লাভ হৈছে ৰাজস্থানী বেপাৰীৰ৷ ৰাজস্থানত যিসকলে মাটিৰ সামগ্ৰী তৈয়াৰ কৰে তেওঁলোকক কুম্ভাৰ অথবা প্ৰজাপত বুলি কোৱা হয়৷ সেইসকলেই অসমত বেপাৰ কৰি কোটি টকা নিজৰ ৰাজ্যলৈ নিছে৷
অসমৰ কুমাৰে আজিকালি বেপাৰত লাভ নাই বুলি হুমুনিয়াহ কাঢ়ি থাকোতেই লগন উকলি গৈছে৷ বাহিৰৰ বেপাৰীয়ে বিহুৰ বজাৰত আদায় কৰিছে লাভ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial