যাওতেই কৈ থৈ গৈছে
নেডাৰলেণ্ডলৈ একেবাৰে প্ৰাইভেট ভ্ৰমণৰ বাবে যাম৷ এই ভ্ৰমণসূচীৰ সৈতে চৰকাৰী কামৰ সম্পৰ্কই নাই৷
কথাটো ক’লে হয়৷ কিন্তু ফুৰিবলৈয়ো আজৰি পোৱা নাই হিমন্ত বিশ্ব শৰ্মাই৷
বহুদিনৰ পিছত ব্যক্তিগত ভ্ৰমণসূচীৰে মানুহজন বিদেশলৈ গৈছে৷ লগতে গৈছে পৰিয়াল৷ কিন্তু তেতিয়াই অসমত ওলাই গ’ল মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ খবৰ৷
টিভিত গোটেইখন ৰৌজাল বৌজাল হ’ল৷ কিন্তু পূৰ্বৰ অভিজ্ঞতাই মনে মনে থাকিবলৈ শিকালে ৰণোজ পেগুক৷ শিক্ষামন্ত্ৰী হৈয়ো তেওঁ একো নক’লে৷ মেট্ৰিকৰ ৰিজাল্ট দিবনে নিদিয়ে সেইটো কথাও নক’লে পেগুৱে৷
কাৰণ যোৱাবাৰ তেওঁ কোৱামতে একো হোৱা নাছিল৷ পেগুৱে নিদিয়া বুলি কোৱাৰ দিনাই দিছিল মেট্ৰিকৰ ৰিজাল্ট৷ আকৌ লাজ পোৱাৰ ভয়ত ৰণোজ পেগুৱে এইবাৰ মৌনতাই শ্ৰেয় বুলি ভাবি ল’লে৷
গতিকে ছ’চিয়েল মিডিয়াত ওলাল
মামাই নোকোৱালৈ আমি একো নামানো
কথাটো হয়ো৷ কিছুবেলিৰ পিছত নেডাৰলেণ্ডৰ পৰা টুইট কৰিলে হিমন্ত বিশ্ব শৰ্মাই৷ তৎক্ষণাতে যে মেট্ৰিকৰ ৰিজাল্ট দিয়া নহয় সেই কথাটো তেওঁ নিশ্চিত কৰিলে৷
এই ঘটনাই প্ৰমাণ কৰিলে- ব্যক্তিগত ভ্ৰমণসূচীৰ সময়তো আহৰি পোৱা নাই মুখ্যমন্ত্ৰীয়ে৷ পৰিয়ালক নেডাৰলেণ্ড ফুৰাবলৈ নিছে, কিন্তু মুখ্যমন্ত্ৰীক জুমুৰি মাৰি ধৰি আছে অসমৰ চিন্তাই৷ আমষ্টাৰডামৰ পৰাই মেট্ৰিকৰ ৰিজাল্টৰ কথা তেওঁ চিন্তা কৰিবলগীয়া হৈছে৷
মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ সময়ত সেইখিনি কথা ভাবিবলৈয়ো শিক্ষামন্ত্ৰী সক্ষম নহয়৷ ৰণোজ পেগুৱে নিজৰ দপ্তৰৰো খবৰ ৰাখিব নোৱাৰে৷
অৱশ্যে মুখ্যমন্ত্ৰী হৈ থাকোতে তৰুণ গগৈয়ে কিন্তু ভূমিধৰ বৰ্মনক দিছিল অনানুষ্ঠানিক দায়িত্ব দিছিল৷ তেওঁৰ হৃদৰোগৰ অপাৰেশ্যন হোৱাৰ সময়ত বৰ্মনক ৰাজ্য চম্ভালিবলৈ দায়িত্ব দি গৈছিল গগৈয়ে৷
হিমন্ত বিশ্ব শৰ্মাই আমষ্টাৰডামৰ পৰাও পিছে ভাবিবলগীয়া হ’ল মেট্ৰিকৰ ৰিজাল্টৰ কথা৷ ৰণোজ পেগুৰ ওপৰত যে তেওঁৰ ভৰসা নাই সেই কথাটোও ৰাইজে গম পাই গ’ল৷
ৰণোজ পেগুক মুঠেও নকৰে বিশ্বাস
