মুখ ঠিকেই আছে, চুলিহে বেয়া হৈছে

যোৱা ব’হাগত চুমিয়ে কৈছিল
ভাগ্যৰ বিড়ম্বনা
বাহিৰত থকাহেঁতেন চুমিয়ে এতিয়া নাচিয়েই থাকিলেহেঁতেন! কিন্তু এনেহেন ব’হাগৰ বতৰত ব’হাগী চুমিজনী থাকিবলগীয়া হৈছে ডিব্ৰুগড়ৰ পোতাশালত৷ মুগাৰ কাপোৰৰ সলনি পিন্ধিবলগীয়া হৈছে কয়দীৰ পোছাক৷
যোৱাবাৰ বিহুৰ আগতে কেবাটাও মিউজিক ভিডিঅ’ৰ চুমিয়ে কৰিঅ’গ্ৰাফ কৰিছিল৷ ব’হাগৰ বতৰত উলাহৰ মাদলি হৈ ভ্ৰমি ফুৰিছিল চুমি৷ তেতিয়া পাতি লোৱা ভায়েক বিশালে এপলকৰ বাবেও এৰি দিয়া নাছিল চুমি বায়েকক৷
কিন্তু সময়বোৰ কেনেকৈ সলনি হৈ গ’ল চুমিয়ে পাত্তাই নাপালে৷ বাৰম্বাৰ জামিন আবেদন কৰিও বিফল হোৱা চুমিৰ মুক্তি যে এতিয়াই অসম্ভৱ সেয়াও নিশ্চিত হৈছে৷ খবৰ অনুসৰি তদন্তকাৰীয়ে বিশালৰ একাউণ্টত পোৱা নাই ধন৷ বায়েক চুমিয়ে ইতিমধ্যেই হাত কৰিছে ভায়েকৰ পাপৰ পইচা৷
কিন্তু যিকি নহওক, ৬ লাখ ৬৭ হাজাৰ ফল’ৱাৰ্ছ থকা চুমিৰ ইনষ্টাগ্ৰাম একাউণ্টটো ভূতবাংলাৰ দৰে হৈ পৰিল৷ আগতে সদায় নাচি-বাগি ৰচকী চুমিয়ে দিছিল ভিডিঅ’৷ নিপোটল দেহাটো কেবাটাও এংগোলৰ পৰা প্ৰদৰ্শন কৰিছিল চুমিয়ে৷
কিন্তু এইবাৰ চুমি কাৰাৰুদ্ধ৷ জে’লৰ দাগী কয়দীৰ সৈতে ষ্টীলৰ থালত ভাত খাই থাকিবলগীয়া হৈছে চুমি৷ ডিব্ৰুগড়ৰ বানীপুৰৰ ঘৰৰ পৰা জে’ললৈ মাত্ৰ দুই কিলোমিটাৰ৷ তথাপি ডিব্ৰুগড় জে’লতে থাকিও এপাকো ঘৰলৈ যাব পৰা নাই চুমি৷
অৱশ্যে ডিব্ৰুগড় কাৰাগাৰত মন বহিছে চুমি বৰাৰ৷ নাচিব পৰা নাই, তথাপি কয়দীৰ সৈতে কথা পাতিছে৷ ঘৰৰ পৰা যোগান ধৰা ফেচৱাশ্বেৰে সদায় ধুইছে মুখ৷ স্ক্ৰাব কৰি আঁতৰাইছে মুখৰ দাগ৷ ছানস্ক্ৰীন ঘঁহি পাতল কৰিছে ছালখন৷
কিন্তু জে’লত থাকি চুলিবোৰ বেয়া হৈ যোৱাৰ বাবে মন ভাগি পৰিছে চুমিৰ৷ যতনেৰে ৰখা চুলিত লাগিছে জঁট৷ ফণিয়ায়ো চুলিৰ জঁট ভাঙিব পৰা নাই৷ বিহুৰ বতৰত সেইবাবেই কান্দিছে চুমিয়ে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial