অতুল বৰাই ভাল কাম কৰা নাই৷ কৃষিমন্ত্ৰী অতুল বৰাও জে’লত সোমাবলগীয়া হ’ব পাৰে৷
কাৰণটো হৈছে মাছ
কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰীক মাছ দিয়া এজন চৰকাৰী বিষয়াক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল৷ শেহতীয়াকৈ CDPO সূৰ্য কমল বৰুৱাক CM ভিজিলেন্সে ধৰিলে৷
ভোগালীত মুখ্যমন্ত্ৰীক মাছ দিয়া সকলো চৰকাৰী বিষয়া এজন এজনকৈ ধৰা পৰি আছে৷ যিজনেই মাছ দিছে তেওঁৰ ওপৰতে চকু পৰিছে মুখ্যমন্ত্ৰীৰ৷
উৰুকাত ১৮ কেজিৰ শিলঘৰীয়া মাছ দি CDPO সাৰি যাব পৰা নাই৷ কিন্তু মাঘ বিহুত সকলোৰে আগতে মুখ্যমন্ত্ৰীক প্ৰকাণ্ড মাছ এটা উপহাৰ দিয়ে অতুল বৰাই৷ চৰকাৰ গঠনৰ দিৱসৰ পৰা মাঘ বিহুৰ উৰুকাত প্ৰথমে মাছ এটা লৈ কৃষিমন্ত্ৰী মুখ্যমন্ত্ৰীৰ ঘৰত হাজিৰ হয়৷
নিৰামিষভোজী মুখ্যমন্ত্ৰীক মাছ উপহাৰ দিয়া দুই বিষয়া ইতিমধ্যে জে’লত সোমাইছে৷ গতিকে অতুল বৰাৰো কি গতি হয় ঠিক নাই!
একেদৰে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক নিৰ্দোষ ঘোষণা কৰিলে
কথাটো হৈছে এনেকুৱা
গৌৰৱ গগৈৰ বিয়াত ৰাকেশ পালে সোণৰ গহনা উপহাৰ দিছিল৷ তদন্ত সমিতিৰ প্ৰতিবেদনত থকা তথ্য বিধানসভাতো কৈছিল মুখ্যমন্ত্ৰীয়ে৷
কলংকিত ৰাকেশ পালৰ পৰা লাখটকীয়া নেকলেছ উপহাৰ লোৱাৰ বাবে গৌৰৱক জগৰীয়া কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ কিন্তু তেওঁ মাছ উপহাৰ লোৱা বিষয়াও ঘোচখোৰ বুলি প্ৰমাণিত হ’ল৷
যি দুজন বিষয়াই মাঘ বিহুৰ উৰুকা মুখ্যমন্ত্ৰীক মাছ উপহাৰ দিছিল, তেওঁলোকক ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিলে৷ সেইসূত্ৰে মুখ্যমন্ত্ৰীয়ে গৌৰৱক দায়মুক্ত কৰাৰ লেখিয়াই হ’ল৷
উৰুকাত মাছৰ দৰে বিয়াত গহনা উপহাৰ গ্ৰহণৰ বাবে গৌৰৱক এতিয়াৰ পৰা জগৰীয়া কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে৷
অতুল বৰায়ো ভুগিব লাগিব মাছ উপহাৰৰ পৰিণাম
