সাংবাদিক উৎপাতত অতিষ্ঠ হ’ল অসমৰ আলহী

দোস্ত হাবিবুৰ ৰহমানে গাইছিল
একেদৰে শচীন তেণ্ডুলকাৰেও ক’লে
অসমক নমস্কাৰ, মৰিলেও আকৌ অসমলৈ নাহোঁ
এই প্ৰতিজ্ঞা কৰি অসমৰ পৰা গুচি গ’ল শচীন ৰমেশ তেণ্ডুলকাৰ৷ ক্ৰিকেটৰ ঈশ্বৰে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহি তিতা-কেঁহা পালে৷ তিক্ত অভিজ্ঞতা ট্ৰেভেল এজেণ্টৰ ওচৰত প্ৰকাশ কৰি প্ৰস্থান কৰিলে শচীনে৷
পত্নী অঞ্জলি আৰু কন্যা ছাৰাৰ সৈতে শচীনৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ আছিল সম্পূৰ্ণ ব্যক্তিগত৷ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগৰ বাবে শচীন পৰিয়ালৰ সৈতে অসমলৈ আহিছিল৷ কিন্তু তেওঁক ব্যক্তিগত গোপনীয়তা ৰক্ষা কৰিবলৈ অসমৰ সাংবাদিকে সুযোগেই নিদিলে৷
চেলিব্ৰিটীৰ ব্যক্তিগত জীৱন নথকাটো সুকীয়া কথা৷ কিন্তু পৰিয়ালৰ সৈতে ভ্ৰমণৰ সময়তো তেওঁক নিউজ চেনেলৰ কেমেৰাই খেদি ফুৰিলে৷ এই কথাটোত শচীন অত্যন্ত অসন্তুষ্ট হৈছে৷ ব্যক্তিগত গোপনীয়তা ভংগ কৰাৰ বাবে সাংবাদিকৰ প্ৰতি ৰুষ্ট হৈছে ক্ৰিকেটৰ ভগৱান৷
তেওঁৰ কাৰ্যসূচী আছিল কাজিৰঙা চোৱাৰ৷ কিন্তু যাত্ৰাপথত নগাঁৱৰ মিছাত নামিবলৈ শচীনক বাধ্য কৰোৱা হ’ল৷ একেদৰে অভ্যৰ্থনাৰ নামতো ৰিজ’ৰ্টত অতিষ্ঠ হ’ল শচীন৷ সৰ্বশেষত তেওঁৰ ভ্ৰমণসূচী ব্যক্তিগত হৈ নাথাকিল৷ ছেলফি উঠিবলৈ শ শ লোকে তেওঁক হেঁচা মাৰি ধৰিলে৷
অসমৰ সাংবাদিকে কাজিৰঙাত হাতী ছাফাৰী কৰি অহাৰ পিছত শচীনক প্ৰশ্ন সোধাৰ চেষ্টা কৰিলে৷ পাৰ্যমানে ভদ্ৰতা ৰক্ষা কৰিলেও শচীনৰ চকুত ধৰা পৰিল অসন্তুষ্টি৷
শচীনৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ তত্ত্বাৱধানৰ দায়িত্বত থকা ট্ৰেভেল এজেন্সীত অসমৰ এগৰাকী যুৱতী কৰ্মৰত৷ তেওঁৰ ওচৰত শচীনে অসমৰ সাংবাদিকৰ ঊৰ্ধ্বতালিৰ বাবে বিতুষ্টি প্ৰকাশ কৰিছে৷ গোপনীয়তা ৰাখিব নোৱাৰাৰ বাবে ট্ৰেভেল এজেন্সীটোকো শচীনে জগৰীয়া কৰিছে৷
কিন্তু একেটা সমস্যা শচীনে মেঘালয়ত পোৱা নাই৷ তেওঁ ৰাজ্যখনত বিনা বাধাই ভ্ৰমণ কৰিছে৷ অসমত কিন্তু শচীনক দেখি কেমেৰাৰে খেদি ফুৰিছে তথাকথিত সাংবাদিকে৷ সেয়ে অসন্তুষ্ট শচীনে অসমৰ প্ৰতিয়েই বিৰাগ ব্যক্ত কৰিলে৷ ভৱিষ্যতে অসম ভ্ৰমণ নকৰাৰ কথাও কৈ দিছে শচীনে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial