ব’হাগৰ বজাৰত মিঞা খেতিয়কে উলিয়াব ৮ হেজাৰ পাহ কপৌফুল

মিঞাই কপৌফুল নিদিলে এইবাৰ বিহু নহ’ব
অসমীয়াই মিঞাৰ কপৌ ফুলেৰেহে বিহু পাতিব পাৰিব৷ কাৰণ অসমত এইবেলি কপৌ ফুলৰ উৎপাদন তেনেই কম৷ বতৰৰ পৰিৱৰ্তনৰ বাবে ৪৪ শতাংশ হ্ৰাস পাইছে কপৌ ফুল৷ প্ৰধানতঃ উজনি অসমত সৰ্বাধিক কপৌ ফুল ফুলে৷ এইবাৰ কিন্তু তেনে হোৱা নাই৷
অসমীয়াৰ ঘৰত তামোল অথবা আম গছত কপৌ গছ থাকে৷ কিন্তু ইউৰিয়া ব্যৱহাৰ কৰি শুকান কাঠতে কপৌ ফুলাবলৈ সক্ষম হৈছে মিঞা৷ হোজাই আৰু মৈৰাবাৰীত মিঞা ব্যৱসায়ীয়ে ব’হাগত বিক্ৰী কৰিব পৰাকৈ কপৌ ফুলৰ খেতি কৰিছে৷
তেওঁলোকে শুকান কাঠ গছৰ আকৃতিৰ কৰি লৈছে৷ কৃত্ৰিম ফেৰেঙনিত ৰুইছে কপৌ ফুলৰ গছ৷ গোবৰৰ উপৰি কপৌ ফুলত ইউৰিয়া ব্যৱহাৰ কৰিছে মিঞা খেতিয়কে৷ কেঁচুসাৰো কপৌ ফুলৰ বাগিচাত ব্যৱহাৰ কৰা হৈছে৷
সেয়ে এমাহৰ ভিতৰত গছত লাগিবলৈ ধৰিছে কপৌফুল৷ মিঞাই বাগিচা পতা কপৌ ফুলৰ সঁচ আগতীয়া নহয়৷ সেয়ে প্ৰয়োজনৰ সময়ত তেওঁলোকে গুৱাহাটীৰ বজাৰত কপৌ ফুল উলিয়াই দিব পাৰিব৷ তেতিয়া এপাহ ফুলতে পাব কমেও ৫০ টকা৷
কলম কাটি এজোপা কপৌত ন্যূনতম ৫ পাহ ফুল ফুলাইছে মিঞা খেতিয়কে৷ বুদ্ধি খটুৱাই তেওঁলোকে উৎপাদন বঢ়াবলৈ সক্ষম হৈছে৷ অৱশ্যে ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত গোন্ধ সামান্য হ্ৰাস পাইছে৷
দুজন মিঞা খেতিয়কে কমেও ৮ হাজাৰ পাহ কপৌ ফুল ব’হাগৰ বতৰত বিক্ৰী কৰিব৷ প্লাষ্টিকৰ পৰিৱৰ্তে মিঞাৰ বাগিচাৰ সতেজ কপৌ খোপাত মাৰিবলৈ পাৰিব নাচনীয়ে৷
এমাহ কষ্টৰ বিনিময়ত ৪ লাখ টকা উপাৰ্জনৰ চেষ্টা কৰিছে মিঞা খেতিয়কে৷ তেওঁলোকৰ কৃত্ৰিম ফেৰেঙনিত খেতি কৰা কপৌ ৰ’দ-বৰষুণতো নষ্ট হোৱা নাই৷ সেয়ে এইবাৰ বজাৰত ওলাব মিঞা কপৌফুল৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial