বিশ্ব বিখ্য়াত পপষ্টাৰৰ সৈতে সুকন্য বৰুৱাৰ অভিনয়

হলীউডত আত্মপ্ৰকাশ কৰিছে অসম কন্যাই৷ সুকন্যা বৰুৱাই ছাংগ্ৰিলা নামৰ মিউজিক ভিডিঅ’ত অভিনয় কৰিছে৷ বিশ্ববিখ্যাত পপ গায়ক মনক্ৰিফৰ বিপৰীতে অভিনয় কৰিছে অসমৰ সুকন্যাই৷ ছাংগ্ৰিলা নামৰ এলবামটো আমেৰিকাত জনপ্ৰিয় হৈ পৰিছে৷
অসম কন্যা সুকন্যা বৰুৱাই মুম্বাইৰ অভিনয় জগতত প্ৰতিষ্ঠা লাভ কৰিছিল৷ তেওঁ চিনেমাতো অভিনয়ৰ সুযোগ লাভ কৰিছে৷ শেহতীয়াকৈ সুকন্যা আমেৰিকাৰ গায়ক মনক্ৰিফৰ মিউজিক ভিডিঅ’ত অভিনয়ৰ বাবে নিৰ্বাচিত হৈছিল৷
আইৰিছ-আমেৰিকান পপষ্টাৰ মনক্ৰিফৰ ছাংগ্ৰিলা নামৰ ভিডিঅ’টোৰ নায়িকা হৈছে অসমৰ সুকন্যা৷ মুক্তিৰ পিছতে এইটো ভিডিঅ’ ইউটিউবত ট্ৰেণ্ডিং হৈ পৰিছে৷
হলীউডৰ সংগীতৰ উদ্যোগত আত্মপ্ৰকাশ কৰিয়েই সুকন্যাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ তেওঁৰ আৱেগিক অভিনয়ে মুগ্ধ কৰিছে আমেৰিকাৰ দৰ্শকক৷
ইউটিউবত ইতিমধ্যে কেবা মিলিয়ন দৰ্শকে উপভোগ কৰিছে ছাংগ্ৰিলাৰ মিউজিক ভিডিঅ’৷ পেইড মাধ্যমতো গীতটো জনপ্ৰিয় হৈ পৰিছে৷ নতুন অভিনেত্ৰীগৰাকীৰ প্ৰতিভাক স্বীকৃতি প্ৰদান কৰিছে বিশ্ববিখ্যাত গায়ক মনক্ৰিফে৷ তেওঁ বাছি বাছি নিয়া সুকন্যাই হলীউডত লাভ কৰিছে কামৰ প্ৰস্তাৱ৷
পূৰ্বে কেৱল প্ৰিয়ংকা চোপ্ৰাইহে হলীউডী ছবিত অভিনয়ৰ সুযোগ লাভ কৰিছিল৷ প্ৰিয়ংকাৰ পিছত অসমৰ সুকন্যাই হলীউডত আত্মপ্ৰকাশ কৰিলে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial