জুবিন গাৰ্গৰ কণ্ঠত সেইদিনা সুৰ নাছিল
দেহত আছিল সুৰাৰ প্ৰভাৱ
(আগদিনাৰ ভিডিঅ’টো অলপমান)
কিন্তু অন্ধৰ ভাও জুৰি পিছদিনা জুবিনে মঞ্চত উঠি গীত গালে৷ নিজেই কী-ব’ৰ্ডত সুস্থিৰ হৈ জুবিনে গান গোৱাৰ বাবে বা বা দিলে অনুৰাগীয়ে৷
কিন্তু এতিয়া ওলাই গ’ল গোমৰ ফাক৷ সুস্থিৰ হৈ জুবিনে দৰাচলতে দৰ্শকৰ বাবে দীত গোৱা নাছিল৷ গাইছিল চিনেমাৰ বাবেহে৷
মাইকেল জেকছন বেশ-ভূষাৰে জুবিনে শান্ত হৈ কৰা ষ্টেজ প্ৰগ্ৰেম আছিল চিনেমাৰ শ্বুটিঙহে৷ সেয়া নতুন ছবিখনৰ বাবে দৃশ্যগ্ৰহণ কৰিছিল জুবিন গাৰ্গে৷
তেওঁৰ সুৰীয়া কণ্ঠ আৰু সমাহিত ব্যৱহাৰত অনুৰাগীয়ে বিচাৰি পাইছিল তাহানিৰ জুবিনক৷ কিন্তু গান শুনিবলৈ সমৱেত অনুৰাগীকো ব্যক্তিগত স্বাৰ্থত জুবিন গাৰ্গে ব্যৱহাৰ কৰিলে৷
সন্দেহ নাই, অসমীয়া চিনেমাৰ প্ৰম’শ্যনৰ বাবে তেনে অনুষ্ঠান প্ৰয়োজনীয়৷ প্ৰচাৰৰ জৰিয়তেহে অসমীয়া চিনেমা সফল হ’ব৷ কিন্তু অনুষ্ঠানটোৰ মঞ্চত জুবিনৰ সেয়া একমাত্ৰ প্ৰম’শ্যনেল ইভেণ্ট নাছিল৷
সেইদিনা জুবিনে গান গাই থকা সময়ত ষ্টেজত আছিল এটা কেমেৰা৷ যিটো তেওঁৰ নতুন ছবিৰ শ্বুটিঙত ব্যৱহাৰ হৈছে৷
মঞ্চত দৰ্শকে ধৰিব নোৱাৰাকৈয়ে জুবিনৰ টীমে চিনেমাখনৰ ছেট-আপ নিৰ্মাণ কৰিছিল৷ তাতে উঠি অন্ধৰূপী জুবিন গাৰ্গে গাইছিল গীত৷
ষ্টেজত জুবিনে গান গাই থকাৰ দৃশ্য চিনেমাখনত ব্যৱহাৰ কৰা হ’ব৷ অৰ্থাৎ সেই অনুষ্ঠানটো হ’ব চিনেমাখনৰ অংশহে৷
জুবিনৰ গীত শুনাৰ আশাৰে যোৱা অনুৰাগীও শ্বুটিঙত নিজে নজনাকৈয়ে ব্যৱহাৰ হ’ল৷ তেওঁলোকক ন্যস্ত স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলে স্বয়ং জুবিন গাৰ্গে৷
বাউন্সাৰে দাঙি নি মাৰপিট কৰাৰ ভয়কো নেওচি জুবিনৰ প্ৰগ্ৰেম চাবলৈ যোৱা অনুৰাগীক গায়কে প্ৰতাৰণা কৰিলে৷ দৰ্শকসকল হ’ল বলিৰ পঠা৷
ব্যক্তিগত স্বাৰ্থত অনুৰাগীক ব্যৱহাৰ কৰিলে জুবিনে
