দুই ভাতৃৰ সৈতে বিয়া হ’ল দ্ৰৌপদী

ছোৱালী চাবলৈ গৈছিল ককায়েকে৷ একেজনী ছোৱালীকে কিন্তু ভায়েকৰো পছন্দ হ’ল৷ কথাটো জানি ককায়েকেও আপত্তি নকৰিলে৷ কিছুদিন পিছত ককায়েক আৰু ভায়েকে এজনী ছোৱালীকে বিয়াও পাতিলে৷ ঘৰত সুমুৱালে লখিমী বোৱাৰী৷
এতিয়া সুখে চৌ-চৌৱাই গৈছে তেওঁলোকৰ সংসাৰ৷ ককায়েক আৰু ভায়েকৰ পত্নী হিচাপে অকণো অসুবিধাই পোৱা নাই মহিলাগৰাকীয়ে৷ দুয়োজনৰে শাৰিৰীক-মানসিক চাহিদা পত্নী হিচাপে তেওঁ পূৰণ কৰিছে৷
শাহুৱেকৰো যথাসম্ভৱ সেৱা কৰিছে মহিলাগৰাকীয়ে৷ মহাভাৰতৰ দ্ৰৌপদীক আদৰ্শ বুলি গণ্য কৰা মহিলাগৰাকীয়ে নিশা দুয়োজন পুৰুষৰ সৈতেই যাপন কৰে৷ তেওঁ সহবাস কৰি দুয়ো স্বামীকে কৰে সন্তুষ্ট৷
দুয়োজনৰ পত্নী হিচাপে তেওঁ শিৰত লয় সেন্দূৰ৷ পাল পাতি প্ৰতিজন স্বামীৰ সৈতে মহিলাগৰাকী ফুৰিবলৈ যায়৷ এদিন ককায়েকৰ লগত গ’লে পিছদিনা ভায়েকৰ পত্নী হৈ থাকে মহিলাগৰাকী৷
আজব সংসাৰধৰ্ম পালন কৰিও মহিলাগৰাকীয়ে বেয়া পোৱা নাই৷ কাৰণ তেওঁ সম্পূৰ্ণ সুখেৰে দিন কটাইছে৷ দুই স্বামীকে পুৱা বিছনাৰ পৰা নামিয়েই সেৱাও কৰে মহিলাগৰাকীয়ে৷ তেওঁৰ বাবে ককায়েক-ভায়েক দুয়োজনেই পতি পৰমেশ্বৰ৷
অৱশ্য়ে দুয়োজনৰ সন্তান জন্ম দিবলৈয়ো মহিলাগৰাকীয়ে ইচ্ছা কৰিছে৷ প্ৰথমে তেওঁ ককায়েকৰ সন্তানৰ মাতৃ হ’ব৷ তাৰ পিছত ভায়েকৰ ঔৰসত মাতৃ হ’ব মহিলাগৰাকী৷
এই আজব সংসাৰখনৰ স্থান হৈছে বিহাৰ৷ পূৰ্নিয়া জিলাত ককায়েক-ভায়েকৰ পত্নী হৈছে একেগৰাকী মহিলা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial