গৃহমন্ত্ৰীৰ পত্নী হোৱাৰ ইচ্ছা ১৮ বছৰীয়া সন্ধ্যাৰ

শয়নে সপোনে কেৱল অমিত শ্বাহক দেখে
৬০ বছৰীয়া অমিত শ্বাহৰ প্ৰেমত মতলীয়া ১৮ বছৰীয়া কিশোৰী
ইনষ্টাগ্ৰামত গৃহমন্ত্ৰীক কৰিছে প্ৰেম নিবেদন
দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক বৰমাল্য পিন্ধোৱাৰ সপোন দেখিছে সন্ধ্যা বিশ্বাসে৷ পশ্চিমবংগৰ ১৮ বছৰীয়া সন্ধ্যাই মুকলিকৈ প্ৰেমৰ প্ৰস্তাৱ দিছে অমিত শ্বাহক৷ দৰকাৰ পৰিলে অমিত শ্বাহৰ দ্বিতীয় পত্নী হ’বলৈয়ো ৰাজী হৈছে সন্ধ্যা৷
সুন্দৰী বালিকা ইনষ্টাগ্ৰামৰ জনপ্ৰিয় মডেল৷ সন্ধ্যা বিশ্বাসৰ আছে ১৭ হাজাৰ ফল’ৱাৰ্ছ৷ কিন্তু সন্ধ্যাই অনুৰাগী যুৱকৰ প্ৰেম প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে৷ তেওঁৰ কল্পনাৰ প্ৰেমিক হৈছে অমিত শ্বাহ৷
ইনষ্টাগ্ৰামত অমিত শ্বাহৰ প্ৰতি সন্ধ্যাই কৰিছে প্ৰেম নিবেদন৷ গৃহমন্ত্ৰীক টেগ কৰিও সন্ধ্যাই প্ৰেম প্ৰস্তাৱ দিছে৷ মাত্ৰ ১৮ বছৰীয়া সন্ধ্যা এতিয়াও প্ৰাপ্তবয়স্ক নহয়৷ তথাপি দেশৰ ৬০ বছৰীয়া গৃহমন্ত্ৰীৰ প্ৰেমত হাবুডুবু খাইছে সন্ধ্যাই৷
বালিকা সন্ধ্যাই অমিত শ্বাহৰ প্ৰতিটো প’ষ্টতে কৰিছে লাভ ৰিয়েক্ট৷ গৃহমন্ত্ৰীৰ ফটোত লাভ ছিম্বল দি দি ভাগৰি পৰিছে তেওঁ৷ তথাপি অদ্যপি অমিত শ্বাহে দিয়া নাই সঁহাৰি৷ সেইবাবে দুখ পাইছে সন্ধ্যাই৷
অমিত শ্বাহৰ ফটো এফালে ৰাখি সন্ধ্যাই ৰীল বনাইছে৷ নাচি বাগি অমিত শ্বাহৰ প্ৰতি বাৰে বাৰে আগবঢ়াইছে প্ৰেমৰ প্ৰস্তাৱ৷ গৃহমন্ত্ৰী ৬০ বছৰীয়া হ’লেও সন্ধ্যাৰ সমস্যা নাই৷ ইমানেই ভাল পায় যে অমিত শ্বাহৰ সংগ লাভ কৰিলেই সুখী হ’ব সন্ধ্যা৷
এবাৰ হা বুলি ক’বলৈ অমিত শ্বাহক খাটনি জুৰিছে সন্ধ্যাই৷ বয়সৰ পাৰ্থক্যৰ বাবে সমস্যা নহয় বুলি আগতীয়াকৈ সন্ধ্যাই দিছে প্ৰতিশ্ৰুতি৷
তেওঁৰ হৈ অমিত শ্বাহক ক’বলৈয়ো সকলোকে অনুৰোধ কৰিছে প্ৰেয়সী সন্ধ্যাই৷ বৰ্তমান গৃহমন্ত্ৰীৰ প্ৰেমে উন্মনা কৰি তুলি বংগতনয়া সন্ধ্যাক৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial