কম ভোটৰ পম খেদি আচৰিত হ’ল মোদী

অসমৰ ৰাজ্যসভা নিৰ্বাচনৰ দৰে কাণ্ড হ’ল সদনত
কংগ্ৰেছ-AIUDF বিধায়কে কৰাৰ দৰে ক্ৰছ ভোটিং কৰিলে বিজেপি সাংসদে৷ তেওঁলোকে ৱাকফ বিলৰ বিপক্ষে দিছিল ভোট৷
ৰাজ্যসভাত মাজনিশা ৱাকফ বিলৰ সপক্ষে পৰিছিল ১২৮টা ভোট৷ ৯৫ সাংসদে বিধেয়কখনৰ বিপক্ষে ভোটিং কৰিছিল৷ কিন্তু উচ্চসদনত কেৱল বিজেপিৰে সদস্যৰ সংখ্যা ৯৮ গৰাকী৷
সেই হিচাপে মিত্ৰদলৰ সৈতে মিলি ৱাকফ বিলে অধিকসংখ্যক সাংসদৰ সমৰ্থন লাভ কৰিব লাগিছিল৷ কিন্তু তেনে নহ’ল৷ একেদৰে ইণ্ডিয়া মৰ্চাৰ ৰাজ্যসভাত সদস্য সংখ্যা মাত্ৰ ৮১৷ তথাপি ৱাকফ বিলৰ বিৰোধিতা কৰিলে ৯৫ সাংসদে৷
গতিকে প্ৰশ্ন হয়, বিজেপিৰ সহযোগী সাংসদেও ক্ৰছ ভোটিং কৰিলে নেকি?
এই সন্দেহেই বৰ্তমান সত্য প্ৰতিপন্ন হৈছে৷ সমৰ্থিত সূত্ৰৰ খবৰ অনুসৰি বিজেপিক প্ৰতিটো বিষয়তে সমৰ্থন কৰি থকা তামিলনাডুৰ এ আই এ ডি এম কেৰ সাংসদে ৱাকফ বিলৰ বিৰুদ্ধে ভোটিং কৰিছে৷
নবীন পাটনায়কৰ বিজেডিৰ সাংসদেও বিধেয়কখনৰ সপক্ষে ভোট দিয়া নাই৷ কে চন্দ্ৰশেখৰ ৰাৱৰ বি আৰ এছ আৰু জগনমোহন ৰেড্ডীৰ ৱাই এছ আৰেও ক্ৰছ ভোটিং কৰিছে৷ এই আটাইকেইটা দলে বিগত সময়ত বিজেপিৰ সুৰতে সুৰ মিলাই আছিল৷
কিন্তু অধিক সমস্যাৰ সৃষ্টি হৈছে নবনী পাটনায়কৰ বিজেডিকলৈ৷ ৰাজ্যসভাত দলটোৰ আছে ৭ জন সাংসদ৷ কিন্তু হুইপ জাৰি নকৰাৰ ফলত পাটনায়কৰ অনুগত সাংসদৰ ভিতৰত চাৰিজনে ৱাকফ বিলৰ বিপক্ষে ভোটিং কৰিছে৷
নীতিশ কুমাৰৰ দলৰো কেবাজনো সদস্যই কৰিছে ক্ৰছ ভোটিং৷ সেয়ে হিচাপতকৈ কম ভোট লাভ কৰিছে ৱাকফ সংশোধনী বিধেয়কে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial