কৰ্মচাৰীৰ এলাহৰ বাবে আমি দিছোঁ অধিক ধন

মিটাৰ ৰিডিং কৰিবলৈ APDCLৰ কৰ্মচাৰী গ্ৰাহকৰ ঘৰলৈ নাযায়৷ ঠিকা দি থোৱা যুৱকৰ জৰিয়তে APDCLয়ে উপভোক্তাৰ মিটাৰ ৰিডিং কৰায়৷ তেওঁলোকে মোবাইলত ভিডিঅ’ কৰি পঠিয়ায় দিয়ে মিটাৰটো৷ সেইটো চাই অফিচত বনোৱা হয় বিল৷
সেইবাবেই কোনো মাহত গ্ৰাহকে অদ্ভুত অংকৰ বিল দিবলৈ বাধ্য হয়৷ APDCLৰ কৰ্মচাৰীয়ে চাক্ষুস মিটাৰ ৰিডিং নকৰাকৈ তেওঁলোকক আচহুৱা পৰিমাণৰ বিল দিবলৈ বাধ্য কৰে৷
বৰ্তমান এলেহুৱা চৰকাৰী চাকৰিয়ালে গাঁৱৰ যুৱকক মিটাৰ ৰিডিঙৰ কামত নিয়োগ কৰে৷ তেওঁলোকে অৱশ্যে ইউনিটৰ গণনা কৰিব নাজানে৷ তাৰো উপায় APDCLয়ে উলিয়াই লৈছে৷ স্থানীয় যুৱকক বিদ্যুৎ গ্ৰাহকৰ ঘৰলৈ গৈ মিটাৰৰ ভিডিঅ’ কৰি দিবলৈ দিয়ে আচল মিটাৰ ৰিডাৰে৷
সেই ভিডিঅ’ৰ ভিত্তিত গ্ৰাহকৰ বিল অফিচত বহি মিটাৰ ৰিডাৰে প্ৰস্তুত কৰে৷ ইচ্ছা অনুসৰি অফিচত বহি গ্ৰাহকৰ মিটাৰৰ ইউনিট অনুপাতে টকাৰ সংখ্যা লিখি দিয়া হয়৷
এচাম কৰ্মচাৰীয়ে কোনোদিনে মিটাৰ ৰিডিং কৰিবলৈ নাযায়৷ তেওঁলোকে চাকৰিৰ উপ-ঠিকা দি থৈছে৷ তেওঁলোক মন নগ’লে অফিচলৈয়ো নাযায়৷ মিটাৰ ৰিডিং কৰিবলৈ গৈ ঘৰতে শুই থাকে APDCLৰ কৰ্মচাৰী৷ অফিচৰ কামত হাজিৰা হিচাপত স্থানীয় যুৱকক নিয়োগ কৰি থয় মিটাৰ ৰিডাৰে৷
সেয়ে গ্ৰাহকে অধিক ধন ভৰিবলগীয়া হয়৷ তেওঁলোকে অনভিজ্ঞ যুৱকৰ ভিডিঅ’ চাই প্ৰস্তুত কৰা বিলৰ ভিত্তিত ধন দিবলৈ বাধ্য হয় গ্ৰাহক৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial