আপুনিও ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰে নেকি
ক্ষীণোৱাৰ আশাত লঘোণে থাকে নেকি?
ভুলতো নকৰিব ইণ্টাৰমিটেণ্ট ফাষ্টিং
অন্যথা আপোনাৰ ষ্ট্ৰোক হ’বই
ফে’চবুকীয়া ডাক্তৰে উপদেশ দিয়া ইণ্টাৰমিটেণ্ট ফাষ্টিং হৃদৰোগৰ আশংকা ৯১ শতাংশ বৃদ্ধি কৰে৷ আধুনিক মধ্যবিত্তৰ আৱিষ্কাৰ ইণ্টাৰমিটেণ্ট ফাষ্টিং অবৈজ্ঞানিক ধাৰণা৷
আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ গৱেষণা অনুসৰি আঠঘণ্টা গধুৰ আহাৰ নোখোৱাকৈ থকাৰ ফলত স্বাস্থ্যৰ উন্নতি হোৱাৰ বৈজ্ঞানিক ভিত্তি নাই৷ হৃদৰোগ বিজ্ঞানৰ সৰ্বোচ্চ সংস্থা আমেৰিকান কলেজ অৱ কাৰ্ডিয়লজীয়েও ইণ্টাৰমিটেণ্ট ফাষ্টিং নকৰিবলৈ সকলোকে সকীয়াই দিছে৷
উপবাসে থকা সংস্কৃতি আধুনিক বিজ্ঞানৰ দ্বাৰা সমৰ্থিত নহয়। উপবাসে থকা সংস্কৃতিয়ে মানুহক দীৰ্ঘায়ু কৰাৰ সলনি অল্পায়ুহে কৰে। উপবাসৰ অভ্যাসৰ বাবে ভাৰতীয় মানুহৰ গড় আয়ু মাত্ৰ ৬৯ বছৰ। পৃথিৱীৰ ৫৮ খন ইছলামিক দেশৰ মানুহৰ গড় আয়ুস ৬৭ বছৰ।
কিন্তু কিছুমান তথাকথিত বিশেষজ্ঞই অপ্ৰমাণিত তথ্যৰ ভিত্তিত ইণ্টাৰমিটেণ্ট ফাষ্টিঙক লৈ সামাজিক মাধ্যমত তোলপাৰ লগাইছে৷ সেইটো সমীচীন হোৱা নাই৷
১৬ ঘণ্টা একো নোখোৱাকৈ থকাৰ ফলত হৃদযন্ত্ৰৰ ক্ষতি কৰি লৈছে এচাম লোকে৷ নাখাই জীয়াই থকাৰ আধুনিক ঢঙৰ ফলত আপোনাৰ শৰীৰৰ ভয়ংকৰ হানি হৈছে৷ গতিকে কেৱল এচাম স্বয়ম্ভু বিশেষজ্ঞৰ কথাকে বিশ্বাস নকৰিব৷
ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ বাবে ভাৰতত হৃদৰোগত আক্ৰান্ত মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধিৰ অনুমান কৰা হৈছে৷ গতিকে কৰি আছে যদি আজিৰ পৰা এৰি দিয়ক ইণ্টাৰমিটেণ্ট ফাষ্টিং৷ নহ’লে ডিটক্স ৱাটাৰ খাই বেছিভাগ সময় পাৰ কৰাৰ ফলত শৰীৰ সাংঘাতিক ক্ষতি হ’ব৷
কৰিছে যদি আৰু নকৰিব ইণ্টাৰমিটেণ্ট ফাষ্টিং
