শিক্ষামন্ত্ৰীয়ে ছাত্ৰীসকলক সুধিলে
তোমালোকে কোন শ্ৰেণীত পঢ়া
ছাত্ৰীসকলে ক’লে- ক্লাছ টেন
মন্ত্ৰীয়ে আচৰিত হৈ আকৌ সুধিলে
দশম শ্ৰেণীত পঢ়া বুলিহে কৈছিলা!
এয়াই হৈছে বিজেপিশাসিত ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ জ্ঞানৰ নমুনা৷ ৰাজস্থানৰ ভজনলাল শৰ্মা চৰকাৰৰ শিক্ষামন্ত্ৰী মদন দিলাৱৰে বিদ্যালয় পৰিদৰ্শন কৰিছিল৷ তেওঁ তেতিয়া এদল ছাত্ৰীৰ সৈতে কথা পাতিলে৷ তেওঁলোকে ক্লাছ টেনত পঢ়ো বুলি জনালে মন্ত্ৰীক৷
কিন্তু মন্ত্ৰীয়ে ইংৰাজীত কোৱা ক্লাছ টেন মানে কি বুজি নাপালে৷ গতিকে দশম শ্ৰেণী নে ক্লাছ টেনত পঢ়ে সেয়া আকৌ জানিব বিচাৰিলে৷ অৱশ্যে ছাত্ৰীসকলে মন্ত্ৰীক শিকাই দিলে
ক্লাছ টেন মানেই দশম শ্ৰেণী
কথাটো শুনি মিচিকিয়াই হাঁহি মাৰিলে ৰাজস্থানৰ শিক্ষামন্ত্ৰীয়ে৷ লাজ পাই তেওঁ ছাত্ৰীসকলৰ কাষৰ পৰা গুচি গ’ল৷ দশম শ্ৰেণীৰ সৈতে ক্লাছ টেনৰ অৰ্থ বুজি নোপাৱা শিক্ষামন্ত্ৰী মদন দিলাৱৰে এই ঘটনাটোক ধেমেলীয়া বুলি জাহিৰ কৰিবলৈ বিচাৰিছে৷
অৱশ্যে এনে ঘটনাই অসমতো আগতে সংঘটিত হৈছে৷ তেজপুৰৰ পৰা নিৰ্বাচনত উঠাৰ সময়ত মণি কুমাৰ চুব্বাই প্ৰায়ে কৈছিল
BA পাছ কৰিলেই নহ’ব, গ্ৰেজুৱেটো হ’ব লাগিব
তেতিয়া লটাৰী মাফিয়াই গ্ৰেজুৱেটৰ অৰ্থ বুজি পোৱা নাছিল৷ অৰ্থ নবুজাকৈয়ে কেবাবাৰো তেজপুৰৰ পৰা জিকি দিল্লীলৈ গৈছিল মণি কুমাৰ চুব্বা৷
এতিয়া ৰাজস্থানৰ শিক্ষামন্ত্ৰীয়ে মণি চুব্বাৰ অভিলেখো ভংগ কৰিলে৷ তেওঁ ক্লাছ টেন আৰু দশম শ্ৰেণীৰ অৰ্থই বুজি নাপালে৷ দশম শ্ৰেণীত পঢ়া ছাত্ৰীয়ে কেনেকৈ ক্লাছ টেনত পঢ়ি আছে বুলি আচৰিত হৈ পৰিল ৰাজস্থানৰ শিক্ষামন্ত্ৰী৷
মদন দিলৱাৰৰ জ্ঞানে উদঙাই দিলে দেশৰ ৰাজনৈতিক নেতাসকলৰ মগজুৰ শক্তি৷ জনপ্ৰতিনিধিৰ মেধাৰ পৰিচয় দেখুৱাই দিলে শিক্ষামন্ত্ৰীয়ে৷
BA পাছ হ’লেই নহ’ব, গ্ৰেজুৱেটো হ’ব লাগিব
