সুন্দৰীৰ আঁঠুৰ ছাল ক’লা পৰি গৈছে
পাৰ্লাৰত নী ট্ৰীটমেণ্ট বিচাৰি সোমাইছে ৰূপহী
ৰুক্ষ আঁঠুৰ ছাল মোলায়েম কৰা ক্ৰীমৰ চাহিদা বাঢ়িছে গুৱাহাটীত৷ সৰ্বাংগ সুন্দৰ হ’লেও অসমৰ যুৱতীৰ আঁঠুৰ বিষ হৈছে৷ অনলাইনত সৰহীয়াকৈ অৰ্ডাৰ দিছে আঁঠুৰ ছাল কোমলোৱা ক্ৰীম৷ আয়ুৰ্বেদ ক্ৰীমৰো চাহিদা বাঢ়িছে বজাৰত৷ বিশেষকৈ গুৱাহাটীত থাকি চাকৰি কৰা যুৱতীয়ে বিচাৰিছে আঁঠু ভালে ৰখাৰ উপায়৷
পেডিকিউৰ কৰি ভৰি কোমলাই ৰখা আধুনিকা যুৱতী হঠাতে আঁঠুৰ সমস্যাত আক্ৰান্ত হৈছে৷ খহটা হৈ পৰিছে তেওঁলোক আঁঠুৰ ছাল৷ অনলাইন প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে জনোৱা মতে যোৱা ছমাহৰ ভিতৰত কেশ আৰু কলিক এচিডযুক্ত আঁঠুৰ ক্ৰীমৰ চাহিদা তিনিগুণ বৃদ্ধি হৈছে৷ ৩ টকীয়া ক্ৰীম ক্ৰয় কৰিছে বেছিভাগ যুৱতীয়ে৷
যিসকল যুৱতী আঁঠুৰ ছালৰ সমস্যাত আক্ৰান্ত হৈছে তেওঁলোকৰ বেছিভাগেই গুৱাহাটীৰ ভাৰাঘৰৰ বাসিন্দা৷ অসমৰ ভিন্নপ্ৰান্তৰ পৰা গৈ তেওঁলোকে গুৱাহাটীত কাম কৰিছে৷
সেইসকলে আঁঠুৰ খহটা ছাল মসৃণ কৰা লাইটনিং ক্ৰীম বিচাৰি অনলাইনত হাবাথুৰি খাইছে৷ বিলাসী জীৱন কটোৱা যুৱতীয়ে কেবাটাও আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ পৰাও কিনিছে ক্ৰীম৷ তেওঁলোকৰ ছালৰ আন সমস্যা নাই, কিন্তু খহটা হৈ পৰিছে আঁঠুৰ ছাল৷
কম বয়সতে কিছুসংখ্যক যুৱতী আঁঠুৰ বিষতো আক্ৰান্ত হৈছে৷ তেওঁলোকে বিষ উপশমকাৰী দৰৱো অনলাইনত কিনিছে৷ প্ৰাইভেট চাকৰি কৰি গুৱাহাটীৰ ভাৰাঘৰত থকা ক্ৰেতাসকলৰ বেছিভাগেই খাটি অসমীয়া৷
সুন্দৰী যুৱতীসকলে আঁঠুৰ যতন লোৱাৰ পিছতো সুফল পোৱা নাই৷ গতিকে তেওঁলোকে বিচাৰিছে বিশেষজ্ঞৰ পৰামৰ্শ৷ মেনিকিউৰ-পেডিকিউৰ কৰি ধুনীয়া হৈ থকা ভাৰাঘৰৰ আৱাসীৰ বেছিসংখ্যকেই অবিবাহিত বুলি সদৰী কৰিছে অনলাইন প্ৰতিষ্ঠানে৷
সুযোগ বুজি অসমলৈ আঁঠুৰ যতনৰ বাবে ব্যৱহৃত লাইটনিং ক্ৰীমৰ ছাপ্লাই বঢ়াই দিছে ই-কমাৰ্চ কোম্পানীয়ে৷
অসমত বাঢ়িছে আঁঠুত ঘঁহা ক্ৰীমৰ চাহিদা
