শিৱসাগৰত বিজেপিয়ে অখিল গগৈক নিদিয়ে গ’ল্ডেন হেণ্ডচেক৷ সমষ্টিটোত অখিলক হৰুৱাবলৈ সমীকৰণ মিলি গৈছে বিজেপিৰ৷ কিন্তু শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থী হ’ব কোন?
আহোম ভোটাৰৰ সমষ্টি হিচাপে শিৱসাগৰত বিজেপিয়ে আহোম প্ৰাৰ্থীয়েই প্ৰক্ষেপ কৰিব লাগিব৷ গতিকে আকৌ সুৰভি ৰাজকুঁৱৰীৰ নাম চৰ্চিত হৈছে৷ কিন্তু অখিল গগৈক হৰুৱাব পৰাকৈ সুৰভি হেভীৱেইট প্ৰাৰ্থী নহয়৷
গতিকে বিজেপিৰ হিটলিষ্টত নাম সন্নৱিষ্ট হৈছে পৱিত্ৰ মাৰ্ঘেৰিটাৰ৷ যোৰহাটৰ উন্নয়নৰ দায়িত্ব গ্ৰহণ কৰা মাৰ্ঘেৰিটা শিৱসাগৰত তৎপৰ হৈ পৰিছে৷
অৱশ্যে এই বিষয়টো আছে কেবাটাও সমীকৰণ৷ কিয়নো সমষ্টি পুনঃনিৰ্ধাৰণৰ ফলত শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিটো বিলুপ্ত হৈছে৷ গতিকে বৰ্তমানৰ বিধায়ক প্ৰদীপ হাজৰিকাও শিৱসাগৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী৷
কিন্তু অগপৰ প্ৰদীপ হাজৰিকা অখিল গগৈক হৰুৱাব পৰাকৈ শক্তিশালী নহয়৷ তদুপৰি থাওৰা সমষ্টিৰ সীমা বহলাই ডিমৌ হিচাপে নামকৰণ কৰা হৈছে৷ পিছে নতুন এলেকাত বৰ্তমানৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ প্ৰদৰ্শন বৰ বেছি শক্তিশালী নহয়৷
একেদৰে শিৱসাগৰৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰিছে কুশল দুৱৰী, বিতোপন ৰাইদঙীয়াকে ধৰি কেবাজনো প্ৰাৰ্থীয়ে৷ সমান্তৰালভাৱে কেবাবছৰো নাজিৰা দখল কৰি আছে কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই৷
ফলত শিৱসাগৰত বিজেপিৰ শক্তি হ্ৰাস পাইছে৷ সুশান্তৰ দুৰ্বল প্ৰদৰ্শনৰ বিপৰীতে প্ৰদীপ হাজৰিকাও ৰাইজৰ প্ৰিয় হৈ থকা নাই৷ এতিয়া আহোম অধ্যুষিত শিৱসাগৰত বিজেপিৰ শক্তি বৃদ্ধি হৈ পৰিছে নিতান্তই প্ৰয়োজনীয়৷
গতিকে পৱিত্ৰ মাৰ্ঘেৰিটাই গে’ম চে’ঞ্জাৰ হিচাপে শিৱসাগৰত আত্মপ্ৰকাশ কৰিছে৷ পঞ্চায়ত নিৰ্বাচনো নেখেলাকৈ কেন্দ্ৰীয় মন্ত্ৰী হোৱা মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ অথবা নাজিৰাৰ প্ৰাৰ্থী হিচাপে এতিয়াই প্ৰক্ষেপ কৰি সলনি কৰি দিছে সমীকৰণ৷
বাজপেয়ী ভৱনে প্ৰকাশ কৰা অনুসৰি অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী হ’ব পাৰে পৱিত্ৰ মাৰ্ঘেৰিটা৷ অখিলৰ পৰা সমষ্টিটো কাঢ়ি লোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে মাৰ্ঘেৰিটাক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে৷
একেদৰে দেৱব্ৰতৰ পৰা নাজিৰা কাঢ়ি লোৱাটোও বিজেপিৰ বাবে অত্যাৱশ্যকীয় হৈ পৰিছে৷ সেয়ে পৱিত্ৰ মাৰ্ঘেৰিটাৰ ছেকেণ্ড অপশ্যন হৈছে নাজিৰা৷
অখিলক গ’ল্ডেন হেণ্ডচেক নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই
