নিশা গাড়ী চলাওতে সাৱধান হ’ব
বিশেষকৈ উজনিত গাড়ী চলাওতে হ’ব পাৰে দুৰ্ঘটনা
কিছুদিনৰ পৰা এচাম লোকৰ টাৰ্গেট হৈ পৰিছে ৰাস্তাৰ দাঁতিত থকা ছিগনেল পোষ্ট৷ সংকেত অংকিত লোহাৰ পোষ্টবোৰ বগৰাই পেলাইছে কিছুমান মানুহে৷ কেজি হিচাপত লোহা বিক্ৰী কৰি ধন ঘটাৰ বাবে জোকাৰি জোকাৰি পোষ্টবোৰ ভাঙিছে লুভীয়া মানুহে৷ কিন্তু ৰাস্তাত গাড়ী দেখিলেই পলায় গৈছে নৰাধমবোৰ৷
ৰাস্তাত বাগৰি থকা ছিগনেল পোষ্টত খুন্দিয়াই ভাঙিছে কেবাখনো গাড়ী৷ বগীবিলৰ পৰা ডিব্ৰুগড়মুখী ৰাস্তাতে যোৱা এসপ্তাহৰ ভিতৰত ২০টা এনে ঘটনা ঘটিছে৷ ভাঙিব নোৱাৰি ৰাস্তাতে বগৰাই থৈ যোৱা ছিগনেল পোষ্টত গাড়ী উঠি যোৱাৰ ফলত ৰৈ যাবলগীয়া হৈছে ভ্ৰমণকাৰী৷
লোহাৰ পোষ্টবোৰ ভঙা মানুহবোৰ হৈছে মদাহী৷ মদৰ খৰচ যোগাৰ কৰিবলৈ সেইসকলে লোহা যোগাৰ কৰিবলৈ ঘটালি ঘটালি পোষ্ট ভাঙিবলৈ চেষ্টা কৰিছে৷ হেক্চ’ৰে কাটি কেবাটাও পোষ্ট এতিয়ালৈ তুলিয়েই নিছে৷ কিন্তু বেঁকা কৰিও ভাঙিব নোৱাৰাৰ বাবে ৰাস্তাতে পেলাই থৈ গৈছে পোষ্ট৷
সেইবোৰ পোষ্টেই পথচাৰীৰ বিপদ মাতিছে৷ নিশা তেনে বিপদৰ উমান নোপোৱাৰ ফলত সংকেত অংকিত টিঙৰ ফলকৰ ওপৰত গাড়ী উঠাই দিছে ড্ৰাইভাৰে৷ বিশেষকৈ নিশা চলা টেক্সি এনে অঘটনৰ চিকাৰ হৈছে৷
এটা পোষ্ট বেচিলেই ১০ কেজিপৰ্যন্ত লোহাৰ দাম পোৱাৰ লোভত মদাহীৰ বাবে সেইবোৰ সহজ লক্ষ্য হৈ পৰিছে৷ সেইসকলৰ মতে ৰাস্তাৰ দাঁতিত থকা চৰকাৰী লোহাৰ পোষ্টৰ পৰা উৎকৃষ্টমানৰ দা-কুঠাৰ তৈয়াৰ কৰিব পাৰি৷ সেয়ে পোষ্ট ভাঙি চিধাই কমাৰশাললৈ নিয়ে চোৰৰ দলে৷
নিশাৰ সুৰাৰ খৰচ গোটাবলৈ হেক্চ’ ব্লেড লৈ সাজু হৈ থকা চোৰে কিন্তু সহায় ভাঙিব পৰা নাই ছিগনেল পোষ্ট৷ কুলাজানৰ পৰা বগীবিললৈ বাটছোৱাৰ বেছিভাগ পোষ্টেই নৰাধম চোৰে উঠাই নিলে৷ বগীবিলৰ পৰা ডিব্ৰুগড়লৈ থকা পোষ্টবোৰত এতিয়া পৰিছে চোৰৰ শেনচকু৷
গাড়ী এক্সিডেণ্ট হোৱাটো খাটাং
