নিজে পতা ফান্দত পৰিল মোদী
আকৌ ডেডলাইন ৭৫ৰ প্ৰসংগ
আদৱানিৰ বাবে পতা জালত বন্দী মোদী
যিজন লালকৃষ্ণ আদৱানিয়ে ৰথযাত্ৰাৰে দেশত বিজেপিক প্ৰতিষ্ঠা কৰিলে, সেইজন আদৱানিকে অপমান কৰিছিল নৰেন্দ্ৰ মোদীয়ে৷
৭৫ বছৰীয়া বৃদ্ধ বুলি আদৱানিক কাৰ্যনিৰ্বাহকৰ পৰাও মোদীয়ে উলিয়াই দিলে৷ পিছে সেই পাপৰ ভাৰ নিজেও ব’বলগীয়া হৈছে মোদীয়ে৷ RSSয়ে একো নিৰ্দেশ দিয়া নাই৷ কিন্তু মোদীৰ প্ৰধানমন্ত্ৰিত্ব ত্যাগ হৈ পৰিছে অনিবাৰ্য৷
বয়সৰ জোখাৰে মোদী বৰ্তমান ৭৪ বছৰীয়া৷ গতিকে এবছৰৰ ভিতৰতে দলীয় নীতি অনুসৰি মোদী হ’ব লাগিব বিজেপিৰ মাৰ্গদৰ্শক মণ্ডলীৰ সদস্য৷
এই কথা নিজেও স্বীকাৰ কৰিছে মোদীয়ে৷ শিৱসেনাৰ সঞ্জয় ৰাউটে আৰম্ভ কৰা বিতৰ্কত ঘিঁউ ঢালিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিয়ে৷
দলৰ কৰ্ণধাৰৰ সভাত যে মোদীয়ে নিজেই পদত্যাগৰ সম্ভাৱনা প্ৰকাশ কৰিছে, সেয়া প্ৰচাৰিত হৈছে৷ কিন্তু মোদীৰ উত্তৰাধিকাৰীও হৈ আছে সাজু৷
RSSৰ এটা সূত্ৰই সদৰী কৰা অনুসৰি বিজেপিৰ কাৰ্যনিৰ্বাহক মোদীয়ে সম্ভৱ্য পদত্যাগৰ বিষয়ে সকলোকে জনাই দিছিল৷ তেওঁ সতীৰ্থসকলক ভৱিষ্যতৰ সিদ্ধান্ত গ্ৰহণৰ বাবেও জনাইছিল আবেদন৷
অৱশ্যে মোদী গ’লেও যে অমিত শ্বাহ প্ৰধানমন্ত্ৰী হ’ব সেয়াও অসম্ভৱ৷ হিন্দুত্বৰ ৰাজনীতি বাহাল ৰাখিবলৈ সংঘই যোগী আদিত্যনাথকে প্ৰক্ষেপ কৰাৰহে সম্ভাৱনা বেছি৷
এই কথাটো লোকসভাত প্ৰকাশো কৰিছে অমিত শ্বাহে৷ আদিত্যনাথৰ সলনি আন এজন নেতা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব বুলি অমিত শ্বাহে দিছে ইংগিত৷
দিল্লী যাত্ৰাৰ নিৰ্দেশ যোগীক
