যোৰহাটৰ ফিল্ডত নামিছে ইমপেক্ট প্লেয়াৰ

IPLত এইবেলি খেলা দেখুৱাই দিছে ইমপেক্ট প্লেয়াৰে৷ ৰাজনীতিতো সেইদৰেই অসমৰ আৱিৰ্ভাব ঘটিছে এজন ইমপেক্ট প্লেয়াৰৰ৷ ৰাজনৈতিক জীৱনত কেতিয়াও পঞ্চায়ত ইলেকশ্যনো খেলি নোপোৱা মাৰ্ঘেৰিটাক বাজপেয়ী ভৱনে দিছে গধুৰ দায়িত্ব৷ অসমৰ ৰাজনীতিত বিজেপিৰ বিপদ ঘটাব পৰা এজন নেতাক উৎখাত কৰিবলৈ তেওঁ দায়িত্ব মূৰ পাতি লৈছে৷ মুখ্যমন্ত্ৰীৰ মন্ত্ৰণাত পৱিত্ৰ মাৰ্ঘেৰিটাই চলাইছে আহোম ৰাজনীতি৷
গৌৰৱক আঁতৰাই যোৰহাটৰ বিজেপিকৰণৰ বাবে মাৰ্ঘেৰিটাই গেৰুৱা বসন পিন্ধাইছে যুৱনেতা ৰাজা বাইলুং আৰু বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখপাত্ৰ সিদ্ধাৰ্থ বৰুৱাক৷ শেহতীয়াকৈ মাৰ্ঘেৰিটাৰ উপস্থিতিত দুয়ো বিজেপিত যোগ দিছে৷
কেৱল সেয়াই নহয়, দিল্লীৰ পৰা আহিলেই ততালিকে যোৰহাটত হাজিৰ হৈছেহি পৱিত্ৰ মাৰ্ঘেৰিটা৷ যোৰহাট লোকসভা সমষ্টিৰ উন্নয়নৰ দায়িত্ব লোৱা কেন্দ্ৰীয় মন্ত্ৰীজনে টিয়ক আৰু নাজিৰা বিধানসভা সমষ্টিত উন্নয়নমূলক কাম আৰম্ভ কৰিছে৷ ইতিমধ্যে টীয়কৰ ২৭টা পঞ্চায়তত সাংসদ পুঁজিৰ পৰা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে৷
লগতে ৬টা প্ৰকল্পৰ আধাৰশিলা আৰু দুটা ৰংগমঞ্চ নিৰ্মাণৰো ঘোষণা কৰিছে মাৰ্ঘেৰিটাই৷ মুঠ ৪২টা প্ৰকল্প নাজিৰাক দিছে মাৰ্ঘেৰিটাই৷ যোৰহাটত ৪৫টা প্ৰকল্পৰ ১১টাৰ আধাৰশিলা স্থাপন কৰিছে৷
লগতে যোৰহাট চহৰ, মৰিয়নি তিতাবৰতো উন্নয়নমূলক কামৰ ঘোষণা কৰিছে মাৰ্ঘেৰিটাই৷ যাৰ বাবে তেওঁ ধাৰ্য কৰিছে ৫ কোটি টকা৷
অসম বিজেপিৰ ইমপেক্ট প্লেয়াৰ হিচাপে পৱিত্ৰ মাৰ্ঘেৰিটাই চলাই ফুৰিছে কুচকাৱাজ৷ গৌৰৱৰ ৰাজনৈতিক ঘাটীতে আঘাত হনাৰ উদ্দেশ্যে বাজপেয়ী ভৱনে চতুৰ কৌশলেৰে প্ৰক্ষেপ কৰিছে আহোম নেতাজনক৷ গতিকে মাৰ্ঘেৰিটাৰ পৰিৱৰ্তে গগৈ উপাধিৰ পৰিচয়েৰে তেওঁ চলাইছে যোৰহাটক পৱিত্ৰ কৰাৰ তৎপৰতা৷
মুখচোকা নেতাৰ জৰিয়তে যে মিষ্টভাষী গৌৰৱৰ পৰা যোৰহাট উদ্ধাৰ সম্ভৱ নহয় সেয়া বুজি পাইছে মুখ্যমন্ত্ৰীয়ে৷ গতিকে নিকা ইমেজৰ পৱিত্ৰক গতাই দিছে যোৰহাট৷
একালৰ সাংস্কৃতিক কৰ্মীৰ পৰিচয়েৰে পৱিত্ৰ মাৰ্ঘেৰিটাই সংস্কৃতিৰ বৰঘৰ যোৰহাটত নামি পৰিছে পৱিত্ৰ৷ জীৱনত কেতিয়াও পঞ্চায়ত নিৰ্বাচনো খেলি নোপোৱা মাৰ্ঘেৰিটা ধৰ্মসংকটত পৰিছে৷ যদি যোৰহাটত বিফল হয় তেন্তে কিন্তু ইতি পৰিব তেওঁৰ ৰাজনৈতিক পৰিক্ৰমা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial