ঈদৰ আনন্দোৎসৱত ব্যস্ত আছিল যুৱকৰ দলটো৷ ফজৰৰ নামাজ পঢ়ি তেওঁলোকে ঘৰে ঘৰে খাই ফুৰিছিল ঈদৰ খাদ্য সম্ভাৰ৷ আজিৰ বিশেষ দিনটো ব্যস্ততাৰ সীমা নাছিল যুৱকৰ দলটোৰ৷ ধুনীয়াকৈ কাপোৰ পিন্ধি ঘূৰি ফুৰিছিল জয়পুৰ৷
ঠিক তেতিয়াই খবৰ আহিল, তেওঁলোকৰ ঘৰৰ কাষৰে এটা হিন্দু পৰিয়ালৰ সদস্যৰ মৃত্যু হৈছে৷ লোকজনে বহুদিন ৰোগত ভুগি আছিল৷ পৰিয়ালটোত আছে কেৱল দুগৰাকী মহিলাহে৷
ততালিকে ঘৰৰ পৰা তেওঁলোকক মাতি পঠিয়ালে৷ মগৰিবৰ নামাজৰ পূৰ্বেই চাৰিও যুৱককে ঘৰলৈ মাতিলে দেউতাকে৷
ওচৰ চুবুৰীয়া হিচাপে থকা দায়িত্ব পালন কৰিবলৈ তৎক্ষণাত তেওঁলোক ঘৰ পালেগৈ৷ কাষৰে হিন্দু চুবুৰীৰ ঘৰখনত তেতিয়াও কান্দিয়েই আছিল মৃতকৰ আত্মীয়ই৷ কিন্তু শৱদেহ শ্মশানলৈ নিবলৈয়ো তাত নাছিল এজনো পুৰুষ৷
গতিকে ঈদৰ দিনটোতে মুছলমান যুৱকে এটা ব্যতিক্ৰম কাম কৰাৰ সিদ্ধান্ত ল’লে৷ মগৰিবৰ নামাজ বাদ দি তেওঁলোকে তৈয়াৰ কৰিলে চাঙী৷ যথাবিহিত নিয়ম কৰাৰ পিছত মৃতদেহসহ চাঙী কান্ধত তুলি ল’লে চাৰিও মুছলমান যুৱকে৷
তেওঁলোকে ৰাস্তাৰে খোজ কাঢ়ি কাঢ়ি শ্মশানলৈ লৈ গ’ল চুবুৰীয়া শৱদেহ৷ ঈদ-উল-ফিতৰৰ দিনটোত মুছলমান যুৱকে হিন্দু নিয়ম অনুসৰি সম্পন্ন কৰিলে শেষকৃত্য৷
শ্মশানৰ নিয়ম শেষ কৰিহে ঘৰলৈ উভতিল মুছলমান যুৱকৰ দলটো৷ পৱিত্ৰ ঈদতে ৰাজস্থানৰ জয়পুৰৰ যুৱকে কৰিলে ব্যতিক্ৰমী সমাজসেৱা৷
ইদ-উল-ফিতৰত ব্যতিক্ৰম শ্মশানযাত্ৰা
