শ্ৰাদ্ধৰ মাহ-প্ৰসাদ খোৱাৰ পিছতে ৰাইজে পাহৰিলে ৰাজীৱ শদিয়াক

এইপৰ্যন্ত ৩৪ খন বিহু কমিটীৰ সৈতে চুক্তিবদ্ধ হৈছে মৰ্মিতা মিত্ৰ৷ বিহু সন্মিলনত গীত গাবলৈ কাকো নালাগে, সকলোকে লাগে মাত্ৰ মৰ্মিতা মিত্ৰক৷ বংগললনা মৰ্মিতা মিত্ৰৰ বাবে লাখে লাখে টকা খৰচ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই বিহু কমিটীয়ে৷
এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজিৰ দিনটোলৈ মৰ্মিতা মিত্ৰই ৩৪ বিহু কমিটীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে৷ জুবিন গাৰ্গৰ ফাৰ্ষ্ট কপি মৰ্মিতাই আদায় লৈছে প্ৰায় আঢ়ৈ লাখ টকা৷ কিন্তু তেজপুৰৰ বোৱাৰী মৰ্মিতাৰ বাবে এডভান্স দিবলৈয়ো ভয় কৰা নাই বিহু কমিটীয়ে৷
অসমৰ উজনিৰ পৰা নামনিলৈ গীত পৰিৱেশনৰ বাবে ৰিহাৰ্ছেল কৰি আছে মৰ্মিতা মিত্ৰই৷ ভঙা ভঙাকৈ অসমীয়া কোৱা মৰ্মিতাই জুবিনৰ পুৰণি গান গোৱাত ইতিমধ্যে পাৰ্গত হৈ উঠিছে৷ সেয়ে বঢ়াই আছে ৰেট৷
এৰাতিতে আঢ়ৈ লাখপৰ্যন্ত টকা লোৱা মৰ্মিতাই কিন্তু ঠাইবিশেষে বঢ়াই দিছে ৰেট৷ গুৱাহাটীৰ পৰা দূৰত ফাংশ্যন কৰিবলৈ যোৱাৰ বিনিময়ত তেওঁ দাবী কৰিছে ৩ লাখ টকা৷ মৰ্মিতাই বিচৰাধৰণেৰে টকা দি দিছে বিহু কমিটীয়ে৷
মৰ্মিতাৰ গ্লেমাৰৰ ওচৰত ম্লান পৰি গৈছে দীপলীনা ডেকা৷ অসমৰ জাতীয় ক্ৰাছ বুলি ডেকা অসমীয়াই হৃদয়ত থাপি লোৱা দীপলীনাই মৰ্মিতাৰ ওচৰত পাত্তাই নোপোৱা হৈছে৷
শিৱসাগৰ, তিনিচুকীয়াৰ পৰা ধুবুৰীলৈ সকলো বিহু কমিটীয়ে মৰ্মিতাক গান গাবলৈ বন্দৱস্ত কৰিছে৷ তেওঁলোকে আদায় দিছে এডভান্স৷ নিৰ্ধাৰিত সময়ত গান গাবলৈ হাজিৰ হোৱাৰ চুক্তিৰে ইতিমধ্যে ৫০ লক্ষাধিক টকা মৰ্মিতাই উপাৰ্জন কৰিছে৷
মৰ্মিতাৰ ৰূপত মন্ত্ৰমুগ্ধ অসমীয়াই ইতিমধ্যে পাহৰি পেলাইছে ৰাজীৱ দুৱৰীক৷ ৰাজহুৱা আদ্যশ্ৰাদ্ধত মাহ-প্ৰসাদ খাই আজৰি হোৱাৰ পিছত গণশিল্পী ৰাজীৱ দুৱৰীলৈ অসমীয়াৰ মনতে নপৰা হৈছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial