চাৰ্চিলো খোনা আছিল! মিছা মাতিছে ৰূপজ্যোতিয়ে

উইনষ্টন চাৰ্চিলো খোনা আছিল৷ কিন্তু তেওঁৰ মগজু আছিল বৰফৰ দৰে শীতল৷ সৌসিদিনালৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকা জ’ বাইডেনো আছিল খোনা৷ পিছে বাইডেনৰ খং কোনেও দেখিবলৈ নাপালে৷
একেদৰে ভাৰতৰ কিংবদন্তি কমিউনিষ্ট নেতা ই এম এছ নাম্বুদিৰিপাদ আৰু নেহৰুৰ ঘনিষ্ঠ ভি জে মাথাই আছিল খোনা৷ অভিনয় জগততো হৃত্বিক ৰোছন, পৰেশ ৰাৱল আদি খোনা অভিনেতাই দপদপাই আছে৷
কিন্তু তেওঁলোকৰ ৰূপজ্যোতি কুৰ্মিৰ দৰে হকে-বিহকে খং উঠা নাই৷
খং হৈছে মানৱীয় প্ৰতিক্ৰিয়া, খঙৰ সৈতে শাৰিৰীক সমস্যাৰ সম্পৰ্ক নাই৷
ৰূপজ্যোতি কুৰ্মিয়ে কোৱাৰ দৰে খোনা মানুহ খঙাল নহয়
কথা কওতে লাগি ধৰাটোৰ সৈতে খঙৰ সম্পৰ্ক নাই৷ বিজ্ঞানৰ মতেও খোনা মানুহ খঙাল হোৱাৰ দৰে কথা নাই৷
সদনত অতপালি কৰা ৰূপজ্যোতি কুৰ্মিৰ মতে তেওঁ খোনা মানুহ কাৰণে খং বেছি৷ কিন্তু এই কথাটো বিজ্ঞানে নাকচ কৰিছে৷
আধুনিক গৱেষণা অনুসৰি খোনা হোৱাৰ বাবে কোনোবা হীনমন্য়তাত ভুগিব পাৰে৷ অথবা খোনা লোকজনে লজ্জ্বাবোধো কৰিব পাৰে৷ সেইবাবে এজন লোকৰ কেতিয়াবা খং উঠিব পাৰে৷ কিন্তু খোনা মানুহ মানেই খঙাল নহয়৷
খং-ৰাগ হৈছে কোনো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া৷ গতিকে মানুহ সকলো সময়তে জমদগ্নিৰ দৰে খঙাল হৈ থকাটো তেওঁৰ স্বাভাৱিক চৰিত্ৰহে, খোনা হোৱাৰ বাবে নহয়৷
গতিকে ৰূপজ্যোতি কুৰ্মিৰ খং উঠাৰ সৈতে খোনা হোৱাৰ সম্পৰ্ক নাই৷ ৰূপজ্যোতিয়ে এইবাৰ আকৌ কৈছে মিছা কথা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial