ৰোজা পালন কৰিলেই বিহিব প্ৰাণদণ্ড
ৰমজান মাহত যে ৰোজা পালন কৰা নাই, তাৰো প্ৰমাণ দিব লাগিব চৰকাৰক
চীনৰ উইঘূৰ মুছলমানে কোনো কাৰণতে ৰোজা পালন কৰিব নোৱাৰিব৷ তেওঁলোকে ৰমজানৰ প্ৰতিটো দিনতে চৰকাৰক যোগান ধৰিবলগীয়া হৈছে ঘৰৰ ভিডিঅ’৷
উক্ত ভিডিঅ’ত খাদ্য গ্ৰহণ কৰাটো দেখুৱাবলগীয়া হৈছে মুছলমানে৷ অৰ্থাৎ তেওঁলোকে যে ৰোজা পালন কৰা নাই তাৰ প্ৰমাণ দিছে চৰকাৰক৷
যদি এজনো উইঘূৰ মুছলমানে ৰোজা পালন কৰে, তেন্তে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব৷ সেইজনক মানসিক ৰোগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ব৷ তদুপৰি ৰোজা পালন কৰা মুছলমানক জোৰ কৰি খুওৱা হ’ব খাদ্য৷
কোনো উইঘূৰ মুছলমানে যাতে পুৰণি ভিডিঅ’ৰে চৰকাৰক প্ৰতাৰণা কৰিব নোৱাৰে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইছলামিক নিয়ম পালন নিষিদ্ধ কৰি আৰক্ষীয়ে পৰিদৰ্শন কৰিছে মুছলমানৰ ঘৰ৷
ৰোজা পালন কৰা মুছলমানক খাদ্য খুৱাই দিবলৈ আৰক্ষীক অধিকাৰ দিছে চীন চৰকাৰে৷ দেশখনৰ প্ৰধানতঃ জিনজিয়াং প্ৰদেশতে আছে সৰ্বাধিকসংখ্য়ক মুছলমান৷ কিন্তু তেওঁলোকে যাতে ইছলামিক নিয়ম পালন নকৰে তাৰ বাবে ইতিমধ্যে চৰকাৰে জাৰি কৰিছে কঠোৰ নিৰ্দেশ৷
সদায় উইঘূৰ মুছলমানে নিকটৱৰ্তী থানাৰ আৰক্ষীক ৰমজান মাহটো খাদ্য খোৱাৰ ভিডিঅ’ প্ৰদান কৰিছে৷ ৰোজা পালন কৰিলেই তেওঁলোকক কঠোৰ শাস্তি দিয়াৰ ভাবুকিৰে ৰাজহুৱা ঘোষণা কৰিছে আৰক্ষীয়ে৷ অৰ্থাৎ মুছলমানৰ বধ্যভূমিলৈ পৰিণত হৈছে চীন৷
ইছলামিক নিয়ম পালন কৰিলেই প্ৰাণদণ্ড
