ডিভ’ৰ্চৰ পিছত পুৰুষকো দিব লাগিব ধন

বিচ্ছেদিত পত্নীয়েই নহয়, স্বামীয়েও পাব ক্ষতিপূৰণ৷ ডিভ’ৰ্চৰ বাবে ক্ষতিগ্ৰস্ত পুৰুষেও পত্নীৰ পৰা ধন আদায়ৰ অধিকাৰ লাভ কৰিব৷ অৱশ্যে বিচ্ছেদিত স্বামী হ’ব লাগিব ঘৰ জোঁৱাই৷
বিবাহৰ দিন ধৰি পত্নীৰ ঘৰৰে সদস্য হোৱা পুৰুষক ডিভ’ৰ্চৰ পিছত ধন আদায়ৰ অধিকাৰ দিছে ছুপ্ৰিম ক’ৰ্টে৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায় অনুসৰি পত্নী পৰিয়ালৰ বাবে জীৱন উছৰ্গা কৰা পুৰুষৰো ক্ষতিপূৰণ লাভৰ অধিকাৰ আছে৷
এজন বিচ্ছেদিত ঘৰ জোঁৱায়ে দাখিল কৰা আবেদনৰ ভিত্তিত ছুপ্ৰিম ক’ৰ্টে প্ৰদান কৰিছে উক্ত নিৰ্দেশ৷ আবেদনত লোকজনে উল্লেখ কৰা মতে বিবাহৰ পিছতে তেওঁ পত্নীৰ পৰিয়ালৰ সৈতে বাস কৰিছিল৷ তেতিয়া তেওঁ পৰিয়ালৰ সকলো দায়িত্ব পালন কৰিছিল৷
যাৰ বাবে চাকৰিৰ একাধিক সুযোগো গ্ৰহণ কৰা নাছিল৷ পত্নী চাকৰিয়াল হোৱা হেতুকে পৰিয়ালৰ সকলো দায়িত্ব তেৱেঁই পালন কৰিছিল৷ গতিকে বৰ্তমান বিচ্ছেদৰ পিছত অৰ্থনৈতিকভাৱে অসহায় হৈ পৰা বুলি উল্লেখ কৰিছিল লোকজনে৷ এই গোচৰৰ শুনানী গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে বিচ্ছেদিত ঘৰ জোঁৱাইৰ সপক্ষে নিৰ্দেশ প্ৰদান কৰিলে৷
তেওঁৰ সৈতে বিচ্ছেদ ঘটোৱা পত্নীয়ে ক্ষতিপূৰণ দিব লাগিব বুলি ৰায় দিলে ন্যায়ালয়ে৷ এই নিৰ্দেশ দেশৰ লিংগ সমতাৰ বাবে ইতিবাচক বুলি ছুপ্ৰিম ক’ৰ্টে উল্লেখ কৰিছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial