এতিয়া আৰু চিন্তা নাই

নিৰাময় সম্ভৱ হ’ব ব্লাড কেন্সাৰৰ৷ অপৰম্পৰাগত চিকিৎসাৰ জৰিয়তে তেজৰ কেন্সাৰৰ পৰা সুস্থ হ’ব আক্ৰান্ত৷ অসংখ্য গৱেষণাৰ পিছতো কৰ্কট নিৰাময়ৰ দৰৱ আৱিষ্কাৰত বিফল বিজ্ঞানীয়ে দিছে ভাল খবৰ৷
অৱশ্যে আমেৰিকা বা ইউৰোপৰ বিজ্ঞানীয়ে নহয়, দক্ষিণ কোৰিয়াৰ গৱেষকেই আৱিষ্কাৰ কৰিছে তেজৰ কৰ্কট নিৰাময়ৰ পদ্ধতি৷ কেন্সাৰ কোষক পুনৰ সুস্থ কৰি তুলিবলৈ তেওঁলোক সক্ষম হৈছে৷ কোৰিয়া এডভান্সড ইনষ্টিটিউট অৱ ছাইন্স এণ্ড টেকন’লজীৰ গৱেষণাগাৰৰ পদ্ধতিৰে কেন্সাৰমুক্ত হৈছে কেবাজনো ৰোগী৷
বৰ্তমানৰ চিকিৎসা প্ৰণালীত কেম’থেৰাপীৰ জৰিয়তে কেন্সাৰ কোষ দাহ কৰা হয়৷ ফলত সুস্থ কোষৰো ক্ষতি হয়৷ সেয়ে আয়ুস টুটি আহে ৰোগীৰ৷ কিন্তু কোৰিয়াৰ বিজ্ঞানীয়ে কেন্সাৰ চেল শৰীৰৰ পৰা আঁতৰ কৰাৰ বিকল্প উদ্ভাৱন কৰিছে৷
তেওঁলোকৰ চিকিৎসাৰ জৰিয়তে কেন্সাৰৰ সৃষ্টি কৰা কোষক পুনৰ জীৱনদান কৰি তোলা হৈছে৷ অৰ্থাৎ কেন্সাৰ কোষ আকৌ হৈ পৰিছে স্বাভাৱিক৷ ম’লিকুলাৰ ইঞ্জিনীয়াৰিঙৰ জৰিয়তে কেন্সাৰ কোষক স্বাভাৱিকলৈ পৰিণত কৰাৰ বাবে কোৰিয়াৰ বিজ্ঞানী সক্ষম হৈছে৷ প্ৰথম পৰ্যায়ত গিনিপিগৰ পৰীক্ষাত বিজ্ঞানীসকল সফল হৈছিল৷
কোৰিয়া চৰকাৰৰ যাৱতীয় নিয়ম অনুসৰি তৃতীয় পৰ্যায়ত মানৱ দেহতো নতুন চিকিৎসা পদ্ধতি প্ৰয়োগ কৰা হৈছিল৷ য’ত উল্লেখনীয় সফলতা অৰ্জন কৰিছে বিজ্ঞানীয়ে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial