আপুনি নিশ্চয় যুৱতীগৰাকীক চিনি পাইছে
যদি পোৱা নাই তেন্তে পৰিচয়টো শুনক
তেওঁ হিন্দী চিনেমা আৰু সংগীতৰ সৈতে জড়িত
নাম পলক মুচ্ছল
বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী
কিন্তু ৰ’ব, তেওঁৰ পৰিচয় ইমানতে শেষ হোৱা নাই
প্ৰিয় দৰ্শক
গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত পলকৰ নাম অন্তৰ্ভুক্ত হৈছে৷
জানি আচৰিত হ’ব যে তেওঁ সংগীত বা সাংস্কৃতিক অৱদানৰ বাবে বিশ্ব ৰেকৰ্ড কৰা ানই৷
পলকে বিশ্ব ৰেকৰ্ড কৰিছে সমাজসেৱাৰ বাবে। ৩৩ বছৰীয়া যুৱতীগৰাকীয়ে এনেকুৱা এক কৰ্ম কৰি আহিছে, যি তেওঁক দিছে অনন্য পৰিচয়৷ বহুতৰে মনত পলক হৈ পৰিছে স্বৰ্গৰ দেৱী৷
পলকৰ জন্ম ১৯৯২ চনৰ ৩০ মাৰ্চত ইন্দোৰৰ এক মাৰোৱাৰী পৰিয়ালত হৈছিল। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত পলক মাত্ৰ ৭ বছৰীয়া। তেতিয়াই তেওঁ বজাৰত গীত পৰিবেশন কৰি কাৰ্গিলৰ যোদ্ধাৰ পৰিয়ালৰ বাবে ধন সংগ্ৰহ কৰিছিল।
সেই সময়তে এদিন পলকৰ পৰিয়ালৰ সহায় বিছাৰি ইন্দোৰৰ এগৰাকী শিক্ষক তেওঁলোকৰ ঘৰলৈ আহিছিল। তেওঁৰ এগৰাকী ছাত্ৰৰ হৃদযন্ত্ৰৰ অসুখ হৈছিল৷
পলকে ৰাস্তাৰ ওচৰত সামগ্ৰী বিক্ৰী কৰা সৰু দোকান এখনকে ষ্টেজ সাজি লৈ গীত গাই গাই ৫১,০০০ টকা সংগ্ৰহ কৰিলে। এজন বিখ্যাত চিকিৎসকক ছাত্ৰজনৰ চিকিৎসা বিনামূলীয়াকৈ কৰিবলৈ পলকৰ পৰিয়ালে অনুৰোধ কৰিলে।
ছাত্ৰজনৰ অস্ত্ৰোপচাৰ সফলতাৰে হৈ যোৱাৰ পিছত পলকে আৰম্ভ কৰিলে মানৱসেৱা৷
২০০১ চনত পলক আৰু তেওঁৰ ভাতৃ পলাশে ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰি দুখীয়া শিশুৰ চিকিৎসাৰ বাবে অৰ্থসাহায্য সংগ্ৰহ কৰিলে৷
পলকে ১৭টা ভাষাত গীত পৰিবেশন কৰি মঞ্চ-অনুষ্ঠান কৰি গ’ল। অনুষ্ঠান পৰিবেশন কৰি পোৱা ধন তেওঁ আৰু তেওঁৰ ভাতৃয়ে দুখীয়া শিশুৰ হৃদযন্ত্ৰ আৰু বৃক্কৰ ৰোগৰ অস্ত্ৰোপচাৰৰ বাবে খৰচ কৰি গ’ল।
২০০১ চনতেই পলকে গুজৰাটৰ ভূমিকম্পত ক্ষতিগ্ৰস্তৰ সহায়ৰ বাবেও ১০ লাখ টকা সংগ্ৰহ কৰিছিল৷
২০১১ চনত পলক বলীউডত প্ৰতিষ্ঠিত হ’ল৷
বলীউডৰ গ্লেমাৰাছ জগতেও কিন্তু পলকক সমাজসেৱাৰপৰা আঁতৰাই নিব নোৱাৰিলে। বৰঞ্চ অত্যধিক উৎসাহেৰে তেওঁ দৰিদ্ৰ শিশুসকলক জটিল অস্ত্ৰোপচাৰৰ বাবে সহায় কৰি গ’ল। বৰ্তমান প্ৰায় তিনি হেজাৰ শিশুৰ অস্ত্ৰোপচাৰৰ বাবে পলকে সহায় কৰিছে৷
২০১৬ চনৰ সমীক্ষামতে পলকে ২০৯১ জন শিশুৰ হৃদযন্ত্ৰৰ বাবে ধন যোগান ধৰিছিল৷
তেওঁ প্ৰতিটো শিশুৰ অস্ত্ৰোপচাৰৰ সময়ত কাষত উপস্থিত থাকে৷ ছাৰ্জিকেল গাউন পৰিধান কৰি অস্ত্ৰোপচাৰৰ আগে আগে তেওঁ শিশুসকলক গীতাৰ অধ্যায় পঢ়ি শুনায়।
এইগৰাকী যুৱতী অজস্ৰজনৰ বাবে দেৱী৷ তেওঁ যেন সৰগৰ পৰী৷
৪ হাজাৰ শিশুৰ অস্ত্ৰোপচাৰৰ খৰচ বহন কৰি অভিলেখ
