অজন্তা নেওগৰ পৰা চাকৰি দাবী চুতীয়া সংগঠনৰ

কাহিনীটো অলপ বেলেগধৰণৰ
আগতে ছাত্ৰ সংগঠনে ৰাকেশ পালৰ পৰা নিজৰ কোটাত APSCৰ চাকৰি লৈছিল৷ সেই অভিযোগৰ ভিত্তিত তদন্তও হৈছিল৷ কিন্তু তাতকৈ অলপ বেলেগ ষ্টাইলেৰে চৰকাৰৰ পৰা নিজৰ কোটাৰ চাকৰি বিচাৰিছে চুতীয়া জাতি যুৱ সন্মিলনে৷
ছাত্ৰ সংগঠনটোৱে অলপতে মন্ত্ৰী অজন্তা নেওগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে৷ সংগঠনৰ পেডত লিখা পত্ৰখনত স্বাক্ষৰ কৰিছে সভাপতি সীমান্ত শইকীয়া আৰু সাধাৰণ সম্পাদক শ্যামল জ্যোতি বৰাই৷
উক্ত পত্ৰত ADREৰ লিখিত পৰীক্ষাত উৰ্ত্তীণ হোৱা চুতীয়া সম্প্ৰদায়ৰ ৫০ গৰাকী পৰীক্ষাৰ্থীৰ নাম উল্লেখ কৰা হৈছে৷ তেওঁলোকক পৰৱৰ্তী মৌখিক আৰু কম্পিউটাৰ পৰীক্ষাত উৰ্ত্তীণ কৰাই চাকৰিত অগ্ৰাধিকাৰ প্ৰদানৰ বাবে আবেদন জনাইছে সংগঠনৰ নেতৃত্বই৷
সংগঠনটোৰ মতে এইসকল পৰীক্ষাৰ্থী হৈছে আৰ্থিক আৰু সামাজিকভাৱে পিছপৰা৷ গতিকে তেওঁলোকক চৰকাৰে চাকৰি প্ৰদানৰ দিশত অগ্ৰাধিকাৰ দিব লাগে৷
কিন্তু প্ৰশ্ন হয়
এই অধিকাৰ ক’ত পালে চুতীয়া জাতি যুৱ সন্মিলনে?
অসম চৰকাৰে নিৰ্দিষ্ট পৰীক্ষা প্ৰণালীৰ মাজেৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি প্ৰদানৰ বাবে আয়োজন কৰিছে. এতেকে এটা ছাত্ৰ সংগঠনে নিজা সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ বাবে মন্ত্ৰীৰ ওচৰত চুপাৰিশ কৰাৰ অধিকাৰ স্বাভাৱিকতে নাই৷
কিন্তু চুতীয়া জাতি যুৱ সন্মিলনে অবৈধভাৱে মন্ত্ৰী অজন্তা নেওগলৈ পত্ৰ লিখি চাকৰি বিচাৰিছে৷ তেওঁলোকে এই চিঠিখনৰ জৰিয়তে উলংঘা কৰিছে নিয়ম৷
চৰকাৰী চাকৰিত চুতীয়া পৰীক্ষাৰ্থীৰ বাবে অগ্ৰাধিকাৰ বিচৰাতকৈ যদি তেওঁলোকে সেইসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলেহেঁতেন তেন্তে সকলো উপকৃত হোৱাৰ থল আছিল৷ কিন্তু শ্বৰ্টকাট বিচাৰি সংগঠনটোৱে অজন্তা নেওগৰ পৰা বিচাৰিছে নিজৰ কোটাৰ চাকৰি৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial