তেজপুৰত শেষেই হোৱা নাই ৰাছেল ভাইপাৰৰ তাণ্ডৱ৷ তেৰ নম্বৰটো বিষাক্ত ৰাছেল ভাইপাৰ উদ্ধাৰ হোৱাৰ পিছত আকৌ সন্ত্ৰস্ত হৈ পৰিছে তেজপুৰীয়া৷ বিহগুৰিৰ পৰা যে সমগ্ৰ তেজপুৰতে ৰাছেল ভাইপাৰ বিয়পি পৰিছে সেয়াও প্ৰমাণিত হৈছে৷
শেহতীয়াকৈ বিহগুৰিস্থিত ITBPৰ শিবিৰৰ জোৱানে এটা অজগৰ সাপ উদ্ধাৰ কৰি বস্তাত ভৰাইছিল৷ তাৰ পিছতে জোৱানে সাপটো মুকলি কৰি দিয়াৰ বাবে সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ সৈতে যোগাযোগ কৰিলে৷ কিন্তু সেই সাপটো অজগৰৰ সলনি ৰাছেল ভাইপাৰ বুলিহে নিশ্চিত কৰিলে সৌৰভ বৰকটকীয়ে৷
তদুপৰি তেজপুৰৰ দ বেছেৰিয়াৰ এখন ঘৰৰ পৰাও কিছুদিন পূৰ্বে ৰাছেল ভাইপাৰ উদ্ধাৰ হৈছিল৷ সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে উদ্ধাৰ কৰিছিল বিষাক্ত সাপটো৷
গতিকে তেজপুৰত যে সাপটোৰ বংশবৃদ্ধি হৈছে সেয়া নিশ্চিত কৰিছে সৰ্প বিশেষজ্ঞগৰাকীয়ে৷ আনহাতে বিজনীৰ ছাৰাগাঁৱত শেহতীয়াকৈ এটা ৰাছেল ভাইপাৰ উদ্ধাৰ হৈছিল৷ সেইটো সাপো বিশেষজ্ঞই উদ্ধাৰ কৰিছিল৷
নামনি আৰু মধ্য অসমত ৰাছেল ভাইপাৰে থলুৱা সাপৰ সৈতে প্ৰজনন কৰিও বংশবৃদ্ধি কৰা বুলি অনুমান কৰা হৈছে৷ আনহাতে পথাৰত ক্ৰমে পানী হোৱাৰ সময়ত ওখ ভেটিলৈ উঠিছে বিষাক্ত সাপবিধ৷ সেয়ে ঘৰে ঘৰে ৰাছেল ভাইপাৰ উদ্ধাৰ হৈছে৷
সততে শুকান ঠাইত থকা ৰাছেল ভাইপাৰৰ তাণ্ডৱ গৰমকালিৰ আৰম্ভণিতে সূচনা হৈছে৷ তেজপুৰত ৰাছেল ভাইপাৰে সৃষ্টি কৰিছে সন্ত্ৰাস৷
পথাৰত পানী, ঘৰত সোমাইছে ৰাছেল ভাইপাৰ
