আনুষ্ঠানিকভাৱে বিহাৰ দিৱস আয়োজনৰ সিদ্ধান্ত বাতিল কৰা হৈছে৷ পিছে উজনিৰ প্ৰান্তীয় জিলাখন এতিয়ালৈ অসমীয়াৰ হৈ থকা নাই৷ বিগত সময়ত বিহাৰ দিৱস নাপাতিলেও অসমতে অধিকাৰ হেৰুৱাইছে অসমীয়াই৷
জাতীয় সংগঠনৰ প্ৰতিবাদৰ পিছত আলফাৰ পৰা আহিছে ধমক৷ গতিকে বিহাৰ দিৱস বাতিল কৰিবলৈ আয়োজক বাধ্য হৈছে৷
কিন্তু ইতিমধ্যে অসমীয়াৰ অস্তিত্ব তিনিচুকীয়াত হেৰাই গৈছে৷ চহৰত বৰ্তমান ৩ শতাংশহে বাকী আছেগৈ অসমীয়াৰ দোকান৷ কোনো পাইকাৰী অসমীয়াই যোগান ধৰা পাণ-তামোলো বহিৰাগত দোকানীয়ে নিকিনে৷
তেওঁলোকে নকয় অসমীয়া৷ অসমীয়াত সুধিলেও হিন্দীতহে উত্তৰ দিয়ে তিনিচুকীয়াৰ ব্যৱসায়ীয়ে৷ গতিকে বিহাৰ দিৱস নাপাতিলেও চহৰখন আমাৰ হৈ থকা নাই৷
শেহতীয়া খবৰ অনুসৰি তিনিচুকীয়াৰ গেলাবিলৰ সমীপত কেবাশ বিঘা মাটি হিন্দীভাষী বণিয়াই ক্ৰয় কৰিছে৷ বাৰেকুৰিৰ ওচৰৰ অশমীয়াৰ বিশাল পৰিমাণৰ মাটি কিনিছে অনা-অসমীয়া বেপাৰীয়ে৷
সেইবোৰ কিনিয়েই মাটি পেলাই ভেটি ওখ কৰি পেলাইছে৷ ফলত এজাক বৰষুণতে বুৰ গৈছে অসমীয়াৰ গাঁও৷
গতিকে বিহাৰ দিৱস নাপাতিলেও উৎফুল্লিত নহ’ব, জিলাখন ইতিমধ্যে অসমীয়াৰ হাতৰ পৰা ওলাই গৈছে৷
আনকি সৰু ব্যৱসায়ো অসমীয়াৰ হাতত নাই৷ অনা-অসমীয়াই নিৰ্মাণ কৰা দালানত ভাৰাতীয়া হৈ আছে অসমীয়া৷
তদুপৰি কিনাৰ পিছত গেলাবিল আৰু বাৰেকুৰিৰ গাঁৱৰ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিছে মালিকে৷ চৌপাশে মাৰি দিছে বিশাল দেৱাল৷
বিহাৰ দিৱস নাপাতিলেও অসমীয়াৰ নহয় জিলাখন
