বিয়া পতাৰ দাবীত অটল এটা সন্তানৰ মাতৃ

মোক বিয়া কৰাবই লাগিব
এই দাবীৰে প্ৰেমিকৰ ঘৰত অনশন কৰিছে প্ৰেমিকাই৷ গৰ্ভত সন্তান ধাৰণৰ পিছত প্ৰেমিকে তেওঁক প্ৰতাৰণা কৰিছে৷ সেয়ে প্ৰেমিকৰ ঘৰৰ চোতালতে প্ৰতিবাদ স্যবস্ত কৰিছে প্ৰেয়সীয়ে৷
অৱশ্যে মহিলাগৰাকীৰ প্ৰেমিক আন কোনো নহয়৷ তদুপৰি প্ৰেমিকাও অবিবাহিত নহয়৷
দৰাচলতে প্ৰেমিকা হৈছে এটি সন্তানৰ মাতৃ৷ তেওঁৰ স্বামী কৰ্মসূত্ৰে বিদেশত থাকে৷ সেই সুযোগতে মহিলাগৰাকীৰ সৈতে সম্পৰ্ক কৰিছিল নিজৰ দেওৰেকে৷
মুছলমান মহিলাগৰাকীৰ স্বামী আজাদ চাকৰিৰ বাবে মালয়েছিয়ালৈ গৈছিল৷ সেইদিনা নিশাই তেওঁলোকৰ ঘৰত উপস্থিত হৈছিলগৈ আজাদৰ ভাতৃ আলিম৷ তেওঁ বৌৱেকক যৌনলীলাৰ বাবে হেঁচা দিছিল৷
প্ৰথমে দেওৰেকৰ প্ৰস্তাৱ মানি লোৱা নাছিল বৌৱেকে৷ কিন্তু ক্ৰমে তেওঁ দেওৰেক আলিমৰ প্ৰেমত পৰিল৷ এটা সন্তানৰ মাতৃ হোৱাৰ পিছতো বৌৱেকক বিয়া পাতিব বুলি প্ৰতিশ্ৰুতি দিলে আলিমে৷
গতিকে স্বামীৰ অবৰ্তমানত দেওৰেকৰ পত্নী হৈ পৰিল মহিলাগৰাকী৷ ব্যভিচাৰৰ বাবে তেওঁ গৰ্ভধাৰণ কৰিলে৷
কিন্তু গৰ্ভধাৰণৰ পিছত দেওৰেকে পলাই পত্ৰং দিলে৷ বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতিও ভংগ কৰিলে৷ সেয়ে দেওৰেকৰ ঘৰ পালেগৈ বৌৱেক৷ কিছুদিনৰ পৰা তেওঁ দেওৰেকৰ বাসভৱনৰ চৌহদত অনশন কৰি আছে৷
এতিয়াও কিন্তু পলাই আছে দেওৰেক আলিম৷ এই ঘটনাৰ স্থান হৈছে বাংলাদেশৰ টাংগাইল জিলা৷ ইয়াৰে ডুবেইল নামৰ গাঁৱখনত দেওৰেকে প্ৰতাৰণা কৰিছে বৌৱেকক৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial