আজি ভৃগু ফুকনৰ মৃত্যুতিথি
অসমৰ জাতীয়তাবাদী আন্দোলনৰ দ্বিতীয় প্ৰজন্মৰ সবাতোকৈ মেধাৱী নেতাজনক কিন্তু কোনেও মনতে নেপেলালে৷ তাহানিৰ গৃহমন্ত্ৰী ফুকনৰ খাৰঘূলিৰ প্ৰসাদোপম ঘৰ জহি খহি গৈছে। সেই ঘৰতেই পত্নী ইন্দিৰা ফুকন আৰু একমাত্ৰ কন্যাই কটাইছে বিচ্ছিন্ন জীৱন৷
অসম আন্দোলন কৰি ক্ষমতা দখলৰ পিছতহে ভৃগু ফুকনে বুজি পাইছিল ৰাজনীতিৰ জটিলতা৷ কিন্তু তেতিয়ালৈ বহু পলম হৈ গৈছিল৷
ভৃগু ফুকনে নতুন অসম গণ পৰিষদ গঠনৰ সময়ৰ কথা৷ তেতিয়া আকৌ জাতীয়তাবাদী শক্তিক একত্ৰিতকৰণৰ দায়িত্ব লৈছিল প্ৰফেছৰ ডঃ হীৰেন গোহাঁয়ে৷
সেইসূত্ৰে গোহাঁই বিশ্ববিদ্যালয়ৰ কোৱাৰ্টাৰত প্ৰফুল্ল মহন্ত-ভৃগু ফুকন আদিৰ ধাৰাবাহিক বৈঠকো হৈছিল৷ কিন্তু আলোচনাই বৰণ নধৰিলে৷
পিছলৈ ভৃগু ফুকন অকলে ডঃ হীৰেন গোহাঁইৰ ঘৰত হাজিৰ হৈছিল৷ তেতিয়াই ভৃগু ফুকনৰ মুখত মদৰ গোন্ধ পাইছিল ডঃ গোহাঁয়ে৷ সেই ঘটনাৰ ব্যাখ্যা আত্মজীৱনীত বিস্তাৰিতভাৱে কৰিছে বুদ্ধিজীৱীজনে৷
তেওঁ কৈছে-দিনত সুৰাপান ব্যক্তিগত বিফলতাৰ লক্ষণ৷
সম্ভৱতঃ সেই বিফলতাৰ হীনমন্যতাৰে চিকাৰ হৈছিল জাতীয়তাবাদী আন্দোলনৰ প্ৰাণপুৰুষ ভৃগু ফুকন৷
আনহাতে অসম আন্দোলনৰ নেতা হিচাপে আমেৰিকাৰ CIAৰ প্ৰতিবেদনতো নাম আছিল ভৃগুৰ৷ ১৯৮৩ চনৰ ১ আগষ্টত দাখিল কৰা উক্ত প্ৰতিবেদন ২০১১ চনত ডিক্লাছিফাই কৰা হৈছিল৷
য’ত ভৃগু ফুকনক অসম আন্দোলনৰ অন্যতম কৰ্ণধাৰ হিচাপে অভিহিত কৰা হৈছিল৷ উক্ত আন্দোলনো যে CIAৰ দ্বাৰা প্ৰভাৱিত আছিল সেয়াও প্ৰকাশ কৰিছে গোপন প্ৰতিবেদনে৷
কিন্তু সেইজন ভৃগু ফুকনে আদায় দিব পৰা নাছিল নতুন অসম গণ পৰিষদৰ কাৰ্যালয়ৰ ভাৰা৷ তেওঁক ভাৰাৰ ধন দি উদ্ধাৰ কৰিছিল তেতিয়াৰ আজিৰ বাতৰি নামৰ কাকতখনৰ মালিক ৰাজেন বৰাই৷ যি পিছলৈ LOC কেলেংকাৰিত অভিযুক্ত হৈছিল৷
আজি প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ মৃত্যুতিথি
