জীৱনে হৰুৱাব পৰা নাই ভিটালী দাসৰ কন্যাক

কমলিকা কাশ্যপ ভালে আছে
মাতৃ ভিটালী দাসৰ পিছত পিতৃ ভূপেন দাসকো হেৰুৱাই ঘাট মাউৰা হোৱা কমলিকাই গাইছে গান৷ কিশোৰী কমলিকাই জীৱনক প্ৰত্যাহ্বান জনাবলৈ শিকিছে৷
ঘাট মাউৰা কমলিকাই এইবেলি বিহুতো সংগীতানুষ্ঠান কৰিব৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ বিহু সন্মিলনত গীত গাব ভিতালী দাসৰ কন্যাই৷
বিহুৰ পূৰ্বেই কমলিকাই অৱশ্যে ফাগুনী সংগীত পৰিৱেশন কৰিছে৷ সদৌ অসম অনুসূচীত ছাত্ৰ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা গীতে মাতে ফাগুন শীৰ্ষক অনুষ্ঠানত গীত পৰিৱেশ কৰিছে কমলিকাই৷
মাকৰ পিছতে দেউতাককো হেৰুওৱা কমলিকাই সতেজ আৰু বুদ্ধিদীপ্ত কথাৰে জয় কৰিছে দৰ্শকৰ হৃদয়৷
সাহসী ছোৱালীজনী এতিয়াও ভাগৰি পৰা নাই৷ জীৱনে হৰুৱাব পৰা নাই কমলিকা কাশ্যপক৷
দেউতাক গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সংগীত সম্পাদক ভূপেন দাস আৰু সন্দিকৈ কলেজৰ ছাত্ৰী ভিটালী দাসৰ প্ৰেম কাহিনীও ভালদৰেই বৰ্ণনা কৰিছে কমলিকাই৷ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত হোৱা প্ৰেম কাহিনীৰ কথা সেই অনুষ্ঠানত ৰসিকভাৱে ক’লে ছোৱালীজনীয়ে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial