ডেলিভাৰী বয়ক প্ৰহাৰ কৰা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই আকৌ পালে চাকৰি৷ কিছুদিন নিলম্বিত হৈ থকা পাণবজাৰ থানাৰ OCক গোৱালপাৰাৰ ১৭ অসম আৰক্ষী বেটেলিয়নত নিযুক্তি প্ৰদান কৰা হ’ল৷
কিন্তু নিঃস্বাৰ্থভাৱে আইনী যুঁজত অৱৰ্তীণ হোৱা এচাম লোকক জলাকলা শিকালে ভাৰ্গৱৰ হাতত প্ৰহৃত হোৱা ডেলিভাৰী বয়ে৷ জ্ঞানদ্বীপ হাজৰিকা নামৰ সেই যুৱকজনৰ বাবে কাৰ্যতঃ অপমানিত হ’ল তেওঁৰ হৈ সৰৱ হোৱা লোকসকল৷
ফাঁচীবজাৰৰ সেই ঘটনাৰ পিছত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱাকে ধৰি কেবাজনো লোকে মানৱাধিকাৰ পৰিষদত গোচৰ তৰিছিল৷ তেওঁলোকে সকলো ফালৰ পৰা বেৰি ধৰিছিল অত্যাচাৰী OC ভাৰ্গৱক৷
মূলতঃ পলাশ ৰঞ্জন বৰুৱাৰ চক্ৰবেহুত আবদ্ধ হৈ পৰিছিল ভাৰ্গৱ৷ কিন্তু তেতিয়াই জংক-পংক কৰিলে প্ৰহৃত জ্ঞানদ্বীপে৷
বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এদিনো ন্যায়াধীকৰণত সাক্ষ্য দিবলৈ উপস্থিত নহ’ল জ্ঞানদ্বীপ৷ ৰহস্যজনক কাৰণত তেওঁ এখনো চমন গ্ৰহণ নকৰিলে৷ সৰ্বশেষত জিলা আয়ুক্তৰ পৰাও জাননী প্ৰেৰণ কৰা হ’ল৷
কিন্তু নিৰ্দিষ্ট ঠিকনালৈ প্ৰেৰণৰ পিছতো জ্ঞানদ্বীপে এখনো ন’টিচ গ্ৰহণ নকৰিলে৷ ফলত বিমোৰত পৰিল আবেদনকাৰী৷ সকলোকে চৌঠেঙীয়া কৰি জ্ঞানদ্বীপে আত্মগোপন কৰিলে৷
ডেলিভাৰী বয় হিচাপে কাম কৰা জ্ঞানদ্বীপৰ প্ৰতি সহৃদয়তাৰে পলাশ ৰঞ্জন ৰুৱাকে ধৰি সকলো সহায়ৰ বাবে আগবাঢ়ি গৈছিল৷ কিন্তু তেওঁলোকক কাৰ্যতঃ জ্ঞানদ্বীপে অপমান কৰিলে৷
তেওঁৰ অসহযোগৰ বাবে গোচৰটো ৰৈ গ’ল৷ কিন্তু কিয় জ্ঞানদ্বীপে পলায়ন কৰিলে সেয়া কোনেও বুজি পোৱা নাই৷
যাৰ বাবে আজি আকৌ চাকৰি ঘূৰাই পালে বিতৰ্কিত ভাৰ্গৱে৷ USTMত চাকৰি পোৱা জ্ঞানদ্বীপে কিন্তু আবেদনকাৰীক মুঠেও নকৰিলে সহায়৷
চাকৰি পালে নিলম্বিত OC ভাৰ্গৱে
