এবছুৰ সভাত দিল্লী কা লাড্ডু খুৱালে গৃহমন্ত্ৰীয়ে

একো ঠিকেই হোৱা নাই, কিন্তু অমিত শ্বাহে অলিম্পিক আয়োজনৰ ঘোষণাই কৰি দিলে৷ মন গ’লেই যেন চৰকাৰে আহমেদাবাদত অলিম্পিক পাতিব পাৰিব তেনেদৰে অবান্তৰ কথা ক’লে গৃহমন্ত্ৰীয়ে৷
বিগত বৰ্ষৰ পেৰিছ অলিম্পিকৰ চাৰি বছৰৰ পিছত লছ এঞ্জেলছত ২০২৮ চনত অলিম্পিক অনুষ্ঠিত হ’ব৷ ২০৩২ চনত অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত হ’ব অলিম্পিক৷ ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ স্বত্ত্ব বিচাৰি কেবাখনো দেশে আবেদন জনাইছে৷ তাৰ ভিতৰত অন্যতম হৈছে ভাৰত৷
অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাই সকলো দিশ চালি-জাৰি চাইহে অলিম্পিক আয়োজনৰ স্থান নিৰ্ধাৰণ কৰিব৷ ভাৰতে ২০৩৬ৰ স্বত্ত্ব বিচাৰি প্ৰায় ১৫ হাজাৰ কোটি টকাৰ পৰিকল্পনা দাখিল কৰিছে৷
এই বিষয়ে বৰ্তমানলৈ সিদ্ধান্ত গ্ৰহণ কৰা নাই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাই৷ নিয়ম অনুসৰি পৰৱৰ্তী দুখন অলিম্পিকৰ বাবে স্থান নিৰ্ধাৰণ কৰা হৈ আছে৷
কিন্তু এবছুৰ সভাত অমিত শ্বাহে ২০৩৬ৰ অলিম্পিক খেলিবলৈ বড়ো খেলুৱৈক আহ্বানেই জনালে৷ তেওঁৰ মতে ১২ বছৰৰ পিছত আহমেদাবাদতে অলিম্পিক অনুষ্ঠিত হ’বই৷ গতিকে তেওঁ কঠোৰ অনুশীলন কৰিবলৈ খেলুৱৈক আহ্বান জনাইছে৷
পিছে এটা কথা ঠিক- ভাৰতৰ গৃহমন্ত্ৰীয়ে ইচ্ছা কৰিলেই আহমেদাবাদত অলিম্পিক পাতি দিব নোৱাৰে৷ তাৰ বাবে হ’ব দীঘলীয়া নিবিদা প্ৰক্ৰিয়া৷ শেষত অলিম্পিক সন্থাই উপযুক্ত আয়োজকক দায়িত্ব প্ৰদান কৰিব৷
গতিকে অমিত শ্বাহৰ সেই আহ্বানৰ নাই কোনো মূল্য৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial