ৰাষ্ট্ৰীয় ঘাইপথত ৬০ কিলোমিটাৰৰ দূৰত্বত টোলগেট স্থাপন কৰি আছে চৰকাৰে৷ কৰ সংগ্ৰহৰ বাবে সৰ্বত্ৰ টোলপ্লাজা বহুৱাবলৈ কেন্দ্ৰই ইতিমধ্যে সিদ্ধান্ত লৈছে৷ গতিকে অসমত এতিয়ালৈ আছে ২৭ খন টোলগেট৷ পিছে ২০২৫-২৬ চনত ভাৰত চৰকাৰে টোলগেটৰ পৰা ডেৰ লাখ কোটি টকা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷
বিগত সময়ত, অর্থাৎ ২০২৪-২৫ চনলৈ টোলগেটৰ পৰা এক লাখ কোটিতকৈ অধিক ৰাজহ সংগ্ৰহ সম্ভৱ হোৱা নাছিল। কিন্তু এইবাৰ ৰেকৰ্ড ভংগ কৰিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷ সিদ্ধান্ত অনুসৰি টোলগেটৰ পৰা সংস্থাটোৱে সংগ্ৰহ কৰিবই ডেৰ লাখ কোটি টকা।
কিন্তু বৰ্তমানৰ নীতি অনুসৰি ৬০ কিলোমিটাৰ দূৰত্বত টোলগেট থাকিলে ডেৰ লাখ কোটি টকা সংগ্ৰহ অসম্ভৱ৷ গতিকে প্ৰৱৰ্তন কৰা হ’ব নতুন নিয়ম। তদানুসৰি ৰাষ্ট্ৰীয় ঘাইপথত বাহনেৰে ২০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলেই চালকে কৰ আদায় দিব লাগিব।
অৰ্থাৎ ১৯ কিলোমিটাৰ যাত্ৰাৰ মূৰে মূৰে দিব লাগিব টোলটেক্স৷ তদুপৰি মটৰ চাইকেলৰ পৰাও কৰ সংগ্ৰহৰ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷ বৰ্তমান প্ৰচলিত নিয়ম অনুসৰি দুচকীয়া বাহনৰ পৰা টোলগে’টত কৰ কৰ্তন কৰা নহয়৷
কিন্তু শীঘ্ৰে পৃথক লেনত কৰ দিব লাগিব মটৰ চাইকেল আৰোহীয়ে৷ নতুন প্ৰণালীৰ আধাৰত ইতিমধ্যে ডিজিটেল নেভিগেশ্যন কেবাখনো ৰাজ্যত আৰম্ভ কৰা হৈছে৷
২০ কিল’মিটাৰৰ ব্যৱধানতে পাতিব টোলগে’ট
