পৱিত্ৰ ৰমজানত সম্প্ৰীতিৰ নিদৰ্শন

ৰোজা ভংগ কৰিবলৈ চিন্তাৰ দৰকাৰ নাই৷ মুছলমান ৰোজাদাৰক সহায় কৰিবলৈ অহৰহ সাজু হৈ আছে শিখ পুৰুষ৷ কৰ্মব্যস্ত মুছলমানে পথতে লাভ কৰিছে ইফতাৰৰ খাদ্য৷ পানীৰ পৰা খেজুৰলৈ সকলো সামগ্ৰী তেওঁলোকক ধৰা হৈছে যোগান৷
দেশৰ শিখ লোকসকলে পৱিত্ৰ ৰমজানৰ সময়ত প্ৰদৰ্শন কৰিছে অনন্য সংহতি৷ তেওঁলোকে কেবাখনো ৰাজ্যত খাদ্য বিতৰণ কৰিছে৷ ব্যক্তিগত উদ্যোগত তেওঁলোকে মুছলমানৰ মাজত ইফতাৰৰ খাদ্য বিলাইছে৷
সম্প্ৰীতিৰ অনন্য নিদৰ্শন প্ৰদৰ্শন কৰি শিখ লোকসকলে শ্ৰীনগৰত খাদ্য বিতৰণ কৰিছে৷ বিয়লিৰ ভাগত ইফতাৰৰ বাবে প্ৰয়োজনীয় খাদ্য তেওঁলোকে ৰাস্তাতে বিলাইছে৷ মুছলমান গাড়ী চালককো তেওঁলোকে বিলাইছে আহাৰ৷
কেবাখনো ৰাজ্যত এই পদক্ষেপ গ্ৰহণ কৰিছে শিখ পুৰুষে৷ তেওঁলোকে মুছলমান ৰোজাদাৰক বিলাইছে আহাৰ৷
এইসকল লোকৰ বাবে ইফতাৰলৈ চিন্তা কৰিবলগীয়া হোৱা নাই ৰোজাদাৰে৷ তেওঁলোকে বাটতে লাভ কৰিছে প্ৰয়োজনীয় আহাৰ৷
ৰাস্তাতে ৰোজা ভংগ কৰিবলৈ শিখ লোকে আগবঢ়াই দিছে পানীৰ বটল৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial