কি কৰিব পাৰে দেখুৱাই দিলে গুৱাহাটীৰ অৰ্জুনে

ৰাইডাৰ ননীৰ মটৰ চাইকেল উদ্ধাৰ কৰি একশ্যন মুড ধাৰণ কৰিছে পাৰ্থসাৰথি মহন্তই৷ অপাৰেশ্যন হাণ্টাৰ লিফটাৰ্ছত ১৩ খন বাইক উদ্ধাৰ কৰিছে পাৰ্থসাৰথি মহন্তৰ গুৱাহাটী পুলিচে৷
যোৱা দুমাহত প্ৰায় ৫০ খন দুচকীয়া চুৰি বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী। এই মটৰ চাইকেলবোৰ চোৰে মণিপুৰ, বাংলাদেশ, ম্যানমাৰলৈ যোগান সৰবৰাহ কৰে৷
অৱশ্যে কেৱল দুচকীয়া বাহনেই নহয়, শেহতীয়াকৈ থাৰৰ দৰে চুৰি চাৰিচকীয়া বাহনো মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে৷
মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত অপাৰেশ্যন হাণ্টাৰ লিফটাৰ্ছ অভিযানত সফল হৈছে মহানগৰ আৰক্ষী৷
বৰ্তমান আকৌ মটৰ চাইকেলৰ ভিতৰত চোৰৰ লক্ষ্য হৈ পৰিছে ৰয়েল এনফিল্ড৷ এই মটৰ চাইকেলখনৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা বেছি৷
তদুপৰি চোৰে ৰয়েল এনফিল্ডৰ ইঞ্জিন নাৱতো ব্যৱহাৰ কৰে৷ সেয়ে সঘনাই চুৰি কৰে লাখটকীয়া মটৰ চাইকেল৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial