৭৬ বছৰ বয়সত বিবাহৰ আয়োজন

দেউতাকক বিয়া পাতিবলৈ দিয়া নাছিল পুতেকে৷ ৭৬ বছৰ বয়সীয়া পিতৃৰ বিবাহত বাধা দিছিল পুত্ৰই৷ তাৰ ফলতে সৰ্বনাশ হ’ল৷
প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটত ঘটিছে এই লোমৰ্ষক ঘটনা৷ বৃদ্ধ পিতৃয়ে বিয়াত বাধা দিয়াৰ বাবে গুলীয়াই নিধ*ন কৰিছে পুত্ৰক৷
ঘটনাৰ বিৱৰণী অনুসৰি ৰাজকোটৰ ৰাম বৰিচা নামৰ ৭৬ বছৰীয়া লোকজনৰ পত্নীৰ ২০ বছৰ পূৰ্বে মৃত্যু হৈছিল৷ তেওঁৰ সকলো পুত্ৰ আৰু কন্যাৰ ইতিমধ্যে বিবাহ হৈ গৈছে৷
ঘৰুৱা দায়িত্বৰ পৰা আজৰি হোৱাৰ পিছত ৰাম বৰিচাই এইবয়সত দ্বিতীয় বিবাহৰ বাবে ইচ্ছা কৰিছিল৷ কিন্তু তেওঁক ৭৬ বছৰত বিয়া পতাত বাধা দিছিল পুত্ৰ-কন্যাই৷
সেয়ে গুজৰাটী পৰিয়ালটোত কিছুদিনৰ পৰা খুট-খাট লাগিয়েই আছিল৷ তেওঁক বিয়া পাতিবলৈ নিদিও বুলি শপত লৈছিল পুত্ৰই৷
আনকি নাতিনীয়েও ককাকৰ বিয়া পতাৰ সিদ্ধান্তক ধিক্কাৰ দিছিল৷ তথাপি পৰকিতি লৰা ৰামে পাতিবলৈ ওলাইছিল বিবাহ৷
এই কথাটোকে লৈ তেওঁলোকৰ পৰিয়ালত সংঘাত শেষত তুংগত উঠিল৷ বিৰোধিতা কৰা পুত্ৰক গুলীয়াই দিলে পিতৃ ৰামে৷
তেওঁ তেনেই কাষৰ পৰা গুলীওৱাৰ ফলত থিতাতে প্ৰাণ হেৰুৱালে পুত্ৰ প্ৰতাপে৷ ৭৬ বছৰীয়া পিতৃয়ে প্ৰাণ ল’লে ৫২ বছৰীয়া পুতেকৰ৷
ৰাজকোটৰ জছদান চহৰৰ এই ঘটনাৰ পিছত ৰাম বৰিচাক গ্ৰেপ্তাৰ কৰা হৈছে৷ কিন্তু পুত্ৰক বধিও অনুতপ্ত হোৱা নাই ৰাম৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial