এইবাৰ অসমত পাতিবনে বঙালী বিহু?

মোনা শৰ্মাই বিজেপিত লবী কৰিছে
এই দাবীৰ পিছদিনাই লাজ লাজকৈ বিজেপি সদৰত সোমাইছিল শিলাদিত্য দেব৷ মূৰ তললৈ কৰি তেওঁ মোনা শৰ্মা নাম দিয়া ফণীন্দ্ৰনাথ শৰ্মাৰ কেবিনত সোমাইছিল শিলাদিত্য৷
কিন্তু বহুদিন খবৰেই নাই শিলাদিত্য দেবৰ
(ভিডিঅ’টোৰ প্ৰথমৰছোৱা)
ৰঙালী বিহুৰ পেট কাটি বঙালী বিহু পাতিবলৈ ওলোৱা হোজাইৰ প্ৰাক্তন বিধায়কজন হেৰাই গ’ল৷ অথচ সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত তেৱেঁই আছিল সবাতোকৈ সৰৱ বিধায়ক৷ অসমৰ হিন্দু হৃদয় সম্ৰাট শিলাদিত্য বৰ্তমান কেৱল ফে’চবুকতহে জীয়াই আছে৷ শতাধিক গোচৰৰ বোজা বহন কৰি শিলাদিত্য হৈ পৰিছে নিৰুদ্দেশ৷
যোৱাবাৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত শিলাদিত্য দেবৰ দলৰ প্ৰতিও যেন নোহোৱা হৈছে গুৰুত্ব৷ বিজেপিৰ কেন্দ্ৰীয়ৰ পৰা ৰাজ্যিকলৈ পদত কাৰ্যনিৰ্বাহ কৰা শিলাদিত্য দেবৰ মুখেৰে নোলোৱা হৈছে ফিৰিঙতিৰ দৰে কথাবোৰ৷
মিঞাবিদ্বেষী স্থিতিৰে অসমত উগ্ৰতাৰ ৰাজনীতি কৰা শিলাদিত্য দেব মহা কুম্ভলৈয়ো নগ’ল৷ ৰাম মন্দিৰলৈয়ো যোৱাৰ খবৰ দিয়া নাই শিলাদিত্য দেবে৷
মাজে-সময়ে ফে’চবুকতহে তেওঁ ভূমুকি মাৰিছে৷ কিন্তু জাতীয় নায়কৰ কাৰ্যকালত তেৱেঁই আছিল অসমৰ যোগী আদিত্যনাথ৷
সৰৱ হিন্দুত্ববাদী শিলাদিত্যৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্নপ্ৰান্তত ৰুজু হৈছিল প্ৰায় ১০৮টা গোচৰ৷ তেওঁ এষাৰ কথা ক’লেই বিৰোধীয়ে গোচৰ ৰুজু কৰিছিল৷ জুবিন গাৰ্গকো বৰ্জনৰ আহ্বান জনাইছিল শিলাদিত্যই৷
কিন্তু ভগা বিধায়ক হোৱাৰে পৰা শিলাদিত্য দেব হৈ পৰিল নিমাত৷ ফণীন্দ্ৰনাথ শৰ্মাক মোনা শৰ্মা আখ্যা দিয়া শিলাদিত্যৰ মাত-বোলেই নোহোৱা হ’ল৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial