ADREৰ ৰিজাল্ট দিয়াৰ পিছত বাঢ়িছে মিঠাই বিক্ৰী৷ কোনো পৰীক্ষাৰ্থীৰে চাকৰি নিশ্চিত হোৱা নাই৷ কিন্তু তেওঁলোকে প্ৰথমটো পৰীক্ষাতে সফল হোৱাৰ পিছত কিনিছে মিঠাই৷ মৌখিক আৰু কম্পিউটাৰ পৰীক্ষা বাকী আছে, পিছে চৰকাৰী চাকৰিৰ লোভত এইবাৰ পাছ কৰাসকলে পালিনেতাৰ মুখ মিঠা কৰি ফুৰিছে যোগ্যতাৰ বলত প্ৰথমটো ঢাপ সফলতাৰে অতিক্ৰম কৰি বহুতে বিচাৰিছে ৰাজনৈতিক দয়া উত্তৰ অসমৰ এজন প্ৰতাপী বিধায়কৰ ঘৰলৈ ৰিজাল্ট দিয়াৰ পৰা এতিয়ালৈ গৈছে কমেও ৩০০ কেজি মিঠাই সকলোবোৰ ক্ৰয় কৰিছে ADREৰ প্ৰথমটো ঢাপত পাছ কৰা প্ৰাৰ্থীসকলৰ অভিভাৱকে৷ তেওঁলোকে বিধায়কৰ ঘৰলৈ মিঠাই লৈ গৈছে উদ্দেশ্যে সেই এটাই, কম্পিউটাৰ আৰু মৌখিক পৰীক্ষাৰ বৈতৰণীত সহায় কৰাৰ অনুৰোধ চাকৰি লাভৰ বাবে যাতে বিধায়কে সহায় কৰে তাৰে অনুৰোধ লৈ সকলোৱে মিঠাই খুৱাইছে বিধায়কক একেটা পৰিস্থিতিয়েই সমগ্ৰ অসমজুৰি সৃষ্টি হৈছে জনাই জানে, এইবেলি ADREৰ চাকৰি লাভৰ বাবে MLAক মিঠাই খুৱাই লাভ নাই তথাপি চাকৰিটো যাতে হাতৰ পৰা হেৰাই নাযায তাৰ বাবে হোৰাহোৰে মিঠাই কিনিছে হাততে পাই বাটতে হেৰুওৱাৰ ভয়ত MLAক মিঠাই খুৱাই ফুৰিছে ৰাইজে মিঠাই খাই খাই মুখ মিঠা হৈ গৈছে বিধায়কৰ ডায়েবেটিছ থকা বিধায়কে অৱশ্যে মিঠাই খোৱা নাই কিন্তু আনসকলৰো মিঠাই খাই খাই ডায়েবেটিছে উক দিবলৈ ধৰিছে