দাসে ইচ্ছা কৰিলেই ক’ব পাৰে আহ ফাগুন অসমলৈ আজিকালি ফাগুন যেতিয়াই তেতিয়াই আহে বতৰীয়া ফাগুন এবাৰেই আহে কিন্তু প্ৰতাপী বিষয়া দাসৰ নিমন্ত্ৰণক্ৰমে শাওণতো অসম দেশলৈ আহে ফাগুন অৱশ্যে স্বাভাৱিক ফাগুনৰ সৈতে দাসৰ অস্বাভাৱিক ফাগুনৰ পাৰ্থক্য আছে পলাশ নুফুলাৰ বতৰতো দাসে ডাম্পাৰ চলাইহে ফাগুন আনিব পাৰে দাসৰ অনুমোদনক্ৰমে তেজী ঘোঁৰাৰ দৰে অসমৰ বাটে-ঘাটে চেকুঁৰি ফুৰে বিশাল ডাম্পাৰবোৰ শিল, বালি অথবা মাটি কঢ়িওৱা ডাম্পাৰবোৰে মহতিয়াই লৈ যায় পথাচাৰীক৷ অভিযোগ অনুসৰি অসমৰ ৰাস্তাত চলি থকা ডাম্পাৰবোৰৰ ৰজা হৈছে ৰঙা চুলিৰ দাস উন্মাদৰ দৰে ছিদ্ৰহীনভাবে অসমৰ সৰ্বত্ৰ চলি থকা অলেখ ডাম্পাৰ। এই উদভ্ৰান্ত ডাম্পাৰবোৰেই হ’ল আধুনিক শগুণ অৰ্থনীতিৰ প্ৰতীক কবিৰ ভাষাত যি আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু ফুটছাই বৰণৰ এখন পৃথিৱী হাওহাওকৈ পথত চলা ডাম্পাৰে উৰুৱাই যোৱা ধূলিত পোত যায় প্ৰসাধনৰ আৱৰণেৰে সজ্জ্বিত আধুনিকা দাস কিন্তু তেতিয়াও খানাপাৰাৰ অফিচৰে AC ৰূমত বহি থাকে অসমৰ ৪০ শতাংশ জনসংখ্যা ফাগুনৰ বতৰত চৰ্দি-জ্বৰত আক্ৰান্ত হৈছে ইয়াৰ কিন্তু ১০ শতাংশৰহে অসুস্থতাৰ কাৰণ ফাগুন বাকীবোৰৰ জ্বৰ উঠাই দাস৷ কাৰণ দাসেই ডাম্পাৰৰ সম্ৰাট