হোলীৰ বন্ধ নাপায় আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে হিন্দু ছাত্ৰ-ছাত্ৰীৰ বাবে পূৰ্বৰে পৰা চলি অহা বন্ধ এইবেলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বাতিল কৰিছে হোলীৰ উপলক্ষত কোনো হিন্দু কৰ্মচাৰীয়েও ছুটী ল’ব নোৱাৰিব বুলি ঘোষণা কৰিছে কৰ্তৃপক্ষই৷ বন্ধৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে ফাকুৱা আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পূৰ্বৰে পৰা কিন্তু আছিল হোলীৰ বন্ধ মুছলিম নামসত্ত্বেও দেশৰ সকলো হিন্দু উৎসৱ-পাৰ্বণতে দিয়া হৈছিল বন্ধ৷ পিছে বিতৰ্কৰ সূচনা কৰি এইবাৰ কৰ্তৃপক্ষই প্ৰত্যাহাৰ কৰিলে বন্ধ নতুন নিয়ম অনুসৰি হোলীৰ উপলক্ষত আলিগড়ৰ হিন্দু শিক্ষাৰ্থীয়ে বন্ধ লাভ নকৰে তেওঁলোকে উছৱৰ দিনটোতো কৰিব লাগিব ক্লাছ একেদৰে হিন্দু অধ্যাপক অথবা আন কৰ্মচাৰীয়েও সেইদিনা বন্ধ নাপায় সকলোকে কৰ্তব্যত উপস্থিত থাকিবলৈ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা হুকুম দিয়া হৈছে৷
চৰ্চা অনুসৰি সমাগত ঈদৰ বন্ধ এদিন বঢ়াবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই তেওঁলোকে হোলীৰ বন্ধ কৰ্তন কৰি ঈদৰ ছুটীৰ সময় বৃদ্ধিৰ চেষ্টা কৰিছে কিন্তু এই সিদ্ধান্তই সৃষ্টি কৰিছে বিতৰ্ক কিছুদিন পূৰ্বে আলিগড়ৰ কৰ্তৃপক্ষই নিজা কেণ্টিনত বীফ বিৰিয়ানি পৰিৱেশনৰ সিদ্ধান্ত লৈছিল৷ তেতিয়াও জাগি উঠিছিল ছাত্ৰসমাজ৷
সকলোকে ক্লাছত উপস্থিত থকাৰ নিৰ্দেশ
