নাই, অসমত বিচাৰি পাবলৈ নাই ৰূপহী যুৱতী

তপা ছোৱালী বিয়া পাতিব লাগিব অসমৰ যুৱকে বৈ পৰা দীঘল চুলিটাৰীৰ সৈতে কঁকাল খামুছীয়া, গাল গুলপীয়া, সৰগৰ পৰীহেন ছোৱালী বিয়া পাতিবলৈ বিচাৰিয়েই নাপাব অসমীয়া যুৱকে সকলোৰে ভাগ পৰিব চুলি নথকা তপা ছোৱালী কাৰণ দেশৰ ভিতৰতে অসমতে বেছিকৈ তপা হৈছে যুৱতীকুল পুলিচৰ বাবে লাহে লাহে অসমত বাঢ়িছে তপা যুৱতীৰ সংখ্যা চুলিৰ যতন লৈয়ো আমনি লাগিছে অসমৰ যুৱতীৰ সেয়ে মেনিকিউৰ, পেডেকিউৰ কৰালেও বিউটী পাৰ্লাৰত চুলিৰ বাবে নকৰা হৈছে খৰচ কাৰণ ৰাস্তালৈ ওলালে পিন্ধিবই লাগে হেলমেট৷ চৰকাৰে যেতিয়াৰ পৰা হেলমেট বাধ্যতামূলক কৰিছে, তেতিয়াৰ পৰা ৰাজ্যত বাঢ়িছে চুলিৰ সমস্যাত ভোগা যুৱতীৰ সংখ্যা মাজতে ৰাজ্যত চুলি ষ্ট্ৰেইট কৰাটো বহুতৰে বাবে ফেশ্যন হৈ পৰিছিল৷ কিন্তু স্কুটী চলোৱা যুৱতীয়ে ধন খৰচ কৰি চুলি পোনালেও লাভ নোহোৱা হৈছে কাৰণ হেলমেটে মূৰ ঘমুৱাই দিয়া ফলত সাংঘাতিক ক্ষতি হৈছে চুলিটাৰীৰ দীঘল কেশৰ যতন লোৱাটো এনেয়েও সমস্যা, তাৰ মাজতে আকৌ বাধ্যতামূলক হেলমেটে পাতল কৰি পেলাইছে চুলি আমি শেহতীয়াকৈ চলোৱা জৰীপৰ সময়ত ৫ গৰাকীৰ ভিতৰত ৪ গৰাকী যুৱতীয়েই চুলি সৰাৰ সমস্যাৰ কথা ব্যক্ত কৰিছে তেওঁলোকে হেলমেটৰ স্পঞ্জত জমা হোৱা ক্ষতিকাৰক পদাৰ্থৰ বাবেই চুলিৰ সমস্যা বাঢ়ি যোৱা বুলিও মন্তব্য কৰিছিল পাৰ্লাৰৰ হেয়াৰ ট্ৰীটমেণ্ট অথবা সঘনাই হেনায়ো চুলিৰ এই সমস্যাৰ পৰা অসমৰ যুৱতীক ৰক্ষা কৰিব পৰা নাই ঘৰ্মাক্ত হেলমেটে সৰাই পেলাইছে চুলি৷ তাহানিতে এইখন অসমৰে নৱকান্তই অৰুন্ধতীক চুলি মেলি থাকিবলৈ কৈছিল প্ৰেয়সী প্ৰেয়সী লাগিবৰ বাবে অজান অৰুন্ধতীক খোলা চুলিৰে থাকিবলৈ বাৰুকৈ অনুৰোধ কৰিছিল নৱকান্তই কিন্তু সম্প্ৰতি কবিৰ উপদেশ মানিব নোৱাৰে অসমৰ যুৱতীয়ে বয়ফ্ৰেইণ্ডে অনুৰোধ কৰিলেও জোনাক নিশা খোলা চুলিৰে প্ৰেমিকাই কৰিব নোৱাৰে পৰিভ্ৰমণ কাৰণ হেলমেট নিপিন্ধা যুৱতীক ধৰিবলৈ ৰাস্তাতে যমদূতৰ দৰে থিয় হৈ থাকে পুলিচ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial