ক্ৰিকেটাৰৰ বাবে জয় শ্বাহৰ ড্ৰেছক’ড

ৰমজানৰ ৰোজা নামানি দেশৰ হৈ খেলা মহম্মদ ছামীৰ মাতৃয়েও উপভোগ কৰিছিল চেম্পিয়নছ ট্ৰফীৰ ফাইনেল৷ দেশৰ বিজয়ৰ চাক্ষুস সাক্ষী হ’বলৈ তেওঁ ডুবাইৰ ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত উপস্থিত আছিল৷ অঞ্জুম আৰা নামৰ মহিলাগৰাকীয়ে প্ৰথমবাৰ গেলাৰীত বহি চাইছিল মেচ তেওঁৰ সৈতে আছিল এগৰাকী সম্পৰ্কীয় যুৱতী৷ মেচৰ শেষত বিজয়োৎসৱৰ সময়তে ছামীয়ে মাতৃ আৰু সম্পৰ্কীয় ভনীয়েকৰ সৈতে কোহলিক চিনাকি কৰাই দিলে৷ কিন্তু তেতিয়া কেৱল চিনাকি হোৱাতে ক্ষান্ত নাথাকিল কোহলি৷ মাতৃসময় মহিলাগৰাকীৰ চৰণ স্পৰ্শ কৰি কোহলিয়ে সেৱা জনালে৷ তেওঁলোকৰ সৈতে ফটো উঠিলে কোহলি৷ ছামীৰ মাকৰ কাষতে ৰৈ কোহলিয়ে ফটোৰ বাবে প’জ দিলে৷
আনহাতে মেচৰ শেষৰ বঁটা বিতৰণী পৰ্বত খেলুৱৈয়ে বাউঁসী ওলোৱা কাপোৰ পিন্ধাটো বন্ধ কৰিছে BCCIয়ে নতুন নিয়ম অনুসৰি কোনো ভাৰতীয় খেলুৱৈয়ে বাহু ওলোৱা শ্লিভলেছ স্পৰ্টিং পিন্ধিব নোৱাৰিব তেওঁলোকে পৰিধান কৰিবই লাগিব মাৰ্জিত পোছাক৷ গতিকে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছত কোনেও পিন্ধা নাছিল শ্লিভলেছ পোছাক

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial