চাকৰিৰ পৰীক্ষত ফেইল কৰিলে শিক্ষকে ADREত অৱৰ্তীণ হোৱা প্ৰায়বোৰ কোচিং চেণ্টাৰৰ শিক্ষকে পৰীক্ষাত ফেইল কৰিছে মুখলজ্জ্বাৰ বাবে কথাটো গোপন কৰি ৰাখিছে, কিন্তু গুৱাহাটীৰে ৯টা কোচিং চেণ্টাৰৰ শিক্ষকে কৰিছে ফেইল অসমৰ পৰীক্ষাৰ্থীৰ অনলাইন ক্লাছ কৰা শিক্ষকে কাট অৱ মাৰ্ক স্পৰ্শ কৰিব পৰা নাই আনক শিকোৱা শিক্ষকেই চৰকাৰী চাকৰিয়াল হোৱাৰ যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে বিশেষ সূত্ৰৰ জৰিয়তে আমি লাভ কৰা খবৰ অনুসৰি গুৱাহাটীৰ ৯টা কোচিং চেণ্টাৰৰ অনলাইন শিক্ষক ADREত অৱৰ্তীণ হৈছিল তেওঁলোকে ফেইল কৰিছে একেদৰে যোৰহাটৰ পৰা ইউটিউব-ফে’চবুকত অনলাইন কোচিং চেণ্টাৰ চলোৱা তিনিগৰাকী শিক্ষকো পৰীক্ষাত বিফল হৈছে নগাঁৱৰ তিনিজন যুৱকে অনলাইনত ADREৰ কোচিং প্ৰতিষ্ঠান চলাইছিল কিন্তু তেওঁলোক সকলোৱে পৰীক্ষাত ফেইল মাৰিলে সেইসকল শিক্ষক পঢ়োৱা শিক্ষাৰ্থীয়েও প্ৰত্যাশিতধৰণেৰে কৰিব নোৱাৰিলে পাছ গতিকে একমাত্ৰ একাণপতীয়াকৈ পঢ়ি পৰীক্ষা দিয়াসকলেহে মৌখিক আৰু কম্পিউটাৰ পৰীক্ষাৰ বাবে অৰ্হতা অৰ্জন কৰিলে৷ এই কথাটোৱে কিন্তু অসমৰ এচাম স্বয়ম্ভূ শিক্ষকৰো জ্ঞানৰ ভাণ্ডাৰ উদঙাই দিলে অনলাইনত ফ্ৰী কোচিং কৰি ধন উপাৰ্জন কৰা বেছিভাগ শিক্ষকেই যে অযোগ্য সেয়াও প্ৰমাণিত হ’ল গতিকে কোচিঙৰ নামত চলি থকা বজাৰখন বন্ধ কৰাটো দৰকাৰী হৈ পৰিছে ধনৰ বিনিময়ত ক্লাছ কৰা এচাম তথাকথিত শিক্ষককো নিয়ন্ত্ৰণ হৈ পৰিছে প্ৰয়োজনীয়