আচৰিত কথা, বুদ্ধিজীৱীয়ে যাকে সমৰ্থন কৰে সেইটো দলেই নিৰ্বাচনত পৰাস্ত হয় অসমত ১৯৯০ চনৰ পৰা আজিপৰ্যন্ত ৰাজ্যৰ বুদ্ধিজীৱীসকলে সমৰ্থন প্ৰদান কৰা প্ৰতিটো দলেই পৰাভূত হৈছে এইবাৰো প্ৰসিদ্ধ চিন্তাবিদ ডঃ হীৰেন গোহাঁইৰ আহ্বানক্ৰমে বিৰোধী মৰ্চা গঠনৰ চেষ্টা চলোৱা হৈছে কিন্তু ইতিহাসে বুদ্ধিজীৱীৰ প্ৰচেষ্টাত গঠিত ৰাজনৈতিক মৰ্চাৰ বিপৰ্যয়হে প্ৰদৰ্শন কৰিছে গ্ৰীক দেৱতা প্ৰমিথিউজৰ শৌৰ্যৰে অসমৰ ৰাজনীতি পোহৰ কৰিবলৈ ডঃ গোহাঁয়ে একাদিক্ৰমে চেষ্টা কৰিছে কিন্তু জগত পোহৰাব পৰা নাই অসমৰ অন্যতম শ্ৰেষ্ঠ চিন্তানায়কজনে অসম আন্দোলনৰ সমাপ্তিৰ পিছত ১৯৯০ৰ নিৰ্বাচনত ৰাজ্যৰ চিন্তাবিদসকল ডঃ হিতেশ্বৰ শইকীয়াৰ বিৰুদ্ধে একগোট হৈছিল৷ কিন্তু কামত নাহিল একেদৰে ১৯৯৫ চনত প্ৰফুল্ল কুমাৰ মহন্তৰ সপক্ষে বেছিভাগ প্ৰগতিশীল চিন্তাবিদ নাছিল পিছে সেইবাৰ মহন্ত মুখ্যমন্ত্ৰী হ’ল৷ তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনকালত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ আছিল ডঃ হীৰেন গোহাঁই তেওঁৰ দৰে বহুো বিদ্বান অসমীয়াই কংগ্ৰেছৰ জনবিৰোধী নীতি লেখনীত ফঁহিয়াই দিছিল কিন্তু কামত নাহিল তিনিবাৰ নিৰ্বাচনত জিকিল তৰুণ গগৈ৷ অসমৰ ২০১৬ চনৰ নিৰ্বাচনৰ সময়ত বিজেপিক ভোট নিদিবলৈ হীৰেন গোহাঁইৰ নেতৃত্বাধীন বুদ্ধিজীৱী মহলে ভোটাৰক আহ্বান জনাইছিল সেইবাৰো ৰাইজে বিদ্বৎ মহলৰ কথা নুশুনিলে এইবাৰ আকৌ বিৰোধী মৰ্চা গঠনৰ পূৰ্বেই ডঃ গোহাঁইৰ কথা নুশুনা হৈছে অখিল গগৈয়ে৷