বিশ্বৰ সবাতোকৈ দামী কাপোৰখন কাবা শ্বৰীফত কিয় পাৰি দিয়ে

পৃথিৱীৰ সবাতোকৈ দামী কাপোৰ কোনখন? পৃথিৱীৰ ভিতৰতে ব্যয়বহুল কাপোৰখনৰ দাম কিমান? গিলাফ-এ-কাবা অথবা কিছৱা নামৰ সবাতোকৈ দামী কাপোৰখন কোনো ব্ৰেণ্ডে প্ৰস্তুত নকৰে এদল ইছলামধৰ্মী শিল্পীয়েহে তৈয়াৰ কৰে পৃথিৱীৰ সবাতোকৈ দামী বস্ত্ৰ অসমীয়াৰ বাবে বৃন্দাবনী বস্ত্ৰ যেনেকৈ পৱিত্ৰ, ঠিক তেনেদৰেই গিলাফ-এ-কাবা সকলো মুছলমানৰ বাবেই পৱিত্ৰ সম্পদ কাবা শ্বৰীফৰ ওপৰত পাৰি থোৱা বিশেষ বস্ত্ৰখনৰে নাম হৈছে গিলাফ-এ-কাবা ইছলামধৰ্মীৰ সবাতোকৈ পৱিত্ৰ স্থান কাবা শ্বৰীফৰ ঢাকনি গিলাফ-এ-কাবা তৈয়াৰ কৰিবলৈ ৪৫ৰ পৰা ৫০ কোটি টকা খৰচ হয় ১৩৭ শিল্পীয়ে ৮ মাহৰ ভিতৰত গিলাফ-এ-কাবা চিলায় উলিয়ায়৷ ক’লা ৰেচম কাপোৰেৰে গিলাফ-এ-কাবা তৈয়াৰ কৰা হয়৷ গিলাফ-এ-কাবাৰ ওজন হৈছে ১,৩৫০ কিলোগ্ৰাম৷
গিলাফ-এ-কাবা চিলাবলৈ ১২০ কেজি সোণ আৰু ১০০ কেজি ৰূপৰ সূতা ব্যৱহাৰ কৰা হয় সোণ আৰু ৰূপৰ সূতাৰে গিলাফ-এ-কাবাত কোৰানৰ আয়াত এম্ব্ৰইদাৰী কৰা হয় গিলাফ-এ-কাবা তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় ৰেচমৰ সূতা ইটালি আৰু ছইজাৰলেণ্ডতহে পোৱা যায়৷ সেইবাবে দুয়োখন দেশৰ পৰা ছৌদি আৰবলৈ সূতা আমদানি কৰা হয় জাৰ্মানীৰ পৰা আমদানি কৰা হয় সোণ আৰু ৰূপৰ সূতা তাৰ পিছতহে মক্কাৰ বিশেষ কাৰখানাত মুছলমান শিল্পীয়ে গিলাফ-এ-কাবা চিলাবলৈ আৰম্ভ কৰে৷
কিন্তু গিলাফ-এ-কাবা চিলোৱাৰ বাবে তিনিটা দল গঠন কৰা হয় ইয়াৰে প্ৰথমটো দলে ৰেচমৰ বগা সূতা মেচিনৰ সহায়ত ক’লা কৰি কাপোৰ প্ৰস্তুত কৰে৷
দ্বিতীয়টো দলে গিলাফ-এ-কাবাত কুৰআন শ্বৰীফৰ চূড়া প্ৰিণ্ট কৰা হয় চূড়া ইখলাছ ইয়াত প্ৰিণ্ট কৰা হয়৷ গিলাফত শ্বাহাদাও তৈয়াৰ কৰে শিল্পীয়ে যি হৈছে ইছলামিক নীতিৰ প্ৰতি বিশ্বাসৰ ঘোষণা কেলিগ্ৰাফিক আৰ্টৰ জৰিয়তে ইয়াত ছৌদিৰ ৰাজকুমাৰৰো নাম লিখা হয় তৃতীয়টো শিল্পীৰ দলে সোণ আৰু ৰূপৰ সূতাৰে হাতেৰে গিলাফ-এ-কাবাত চিলায় কৰে ১৪ মিটাৰ দীঘল আৰু ৬৫৭ মিটাৰ বহল গিলাফ-এ-কাবা চিলোৱাৰ মুঠ খৰচ কমেও ৫০ কোটি টকা কাবা শ্বৰীফৰ ঢাকনি গিলাফ-এ-কাবা ইছলামিক নৱবৰ্ষত প্ৰতিবছৰে সলনি কৰা হয় মহৰমৰ আগদিনা কাবা শ্বৰীফত পাৰি দিয়া হয় নতুন গিলাফ-এ-কাবা কিন্তু পুৰণি গিলাফ-এ-কাবাখন ৰাসায়নিক দ্ৰব্যত জুবুৰিয়াই ৰখা হয় তাৰ পিছত সেই পৱিত্ৰ বস্ত্ৰ খণ্ড-বিখণ্ড কৰি বিক্ৰী কৰে ছৌদি আৰবৰ চৰকাৰে৷ বিশ্বৰ বিভিন্ন সংগ্ৰাহালয়তো ৰখা হয় গিলাফ-এ-কাবাৰ টুকুৰা যি ইছলামধৰ্মীৰ বাবে সবাতোকৈ পৱিত্ৰ সম্পদ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial